National marathon competition: চৰকাৰৰ বিৰুদ্ধে ক্ষোভ এজন মাৰাথন খেলুৱৈৰ - টিংখাঙত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথান প্ৰতিযোগিতা

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 4, 2023, 11:02 PM IST

মৰাণ, ৪ মে': ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথন প্ৰতিযোগিতাৰে আৰম্ভ কৰা হয় উত্তৰ-পূবৰ কথা-সুৰ-ৰং-সোৱাদৰ অপূৰ্ব সমাহাৰ ৰঙালী-টিংখাং ২০২৩(Rongali-Tingkhang 2023) । পিচে মাৰাথনত দ্বিতীয় স্থান লাভ কৰা গুৱাহাটীৰ বিজয় ডেকাই ক্ষোভ উজাৰিলে চৰকাৰৰ বিৰুদ্ধে । বিজয়ী প্ৰতিযোগীগৰাকীয়ে আক্ষেপেৰে কয় যে, অসম চৰকাৰে মাৰাথন খেলুৱৈসকলক গুৰুত্ব নিদিয়ে (National level marathon competition at Tingkhang) ।  

অনেক কষ্টেৰে দেশ-বিদেশত মাৰাথনত জয় লাভ কৰাৰ পিচতো এটা চাকৰি দিব নোৱাৰে চৰকাৰে (National marathon competition) । অন্যহাতে আন খেলত পাৰদৰ্শিতা দেখুওৱা খেলুৱৈক চৰকাৰে লগে লগে চাকৰি দিয়ে । এই ক্ষেত্ৰত মাৰাথনৰ যেন গুৰুত্ব নাই চৰকাৰৰ ওচৰত । খেলুৱৈজনে চৰকাৰক ইয়াৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায় । উল্লেখযোগ্য যে ৰঙালী-টিংখাং-২০২৩ ৰ ৰাষ্ট্ৰীয় মাৰাথনত ল'ৰা শাখাৰ প্ৰথম স্থান লাভ কৰে ঝাৰখণ্ডৰ অৰ্জুন টুডু, দ্বিতীয় স্থান গুৱাহাটীৰ বিজয় ডেকা আৰু তৃতীয় স্থান পশ্চিমবংগৰ ৰূপম দেৱনাথে লাভ কৰে । 

লগতে পঢ়ক: Encounter in Dhubri: গোলকগঞ্জত আৰক্ষীৰ গুলীত আহত তীৰৰ বুকি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.