Narcotics seized in Jorhat :যোৰহাটৰ বিলাসী ৰেষ্টুৰেন্টত নিচাযুক্ত দ্ৰব্য জব্দ - Narcotics seized at open café house

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 14, 2023, 7:32 AM IST

Updated : Feb 3, 2023, 8:38 PM IST

যোৰহাটত দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধুলি দি বিলাসী ৰেষ্টুৰেন্টসমূহে অবৈধভাৱে কৰি অহা হোকা বিক্ৰীৰ বিৰুদ্ধে সৰৱ হৈছে জিলা প্ৰাশাসন (Jorhat municipality corporation drive against restaurants)৷ বিগত দিনকেইটাত যোৰহাটৰ কেইবাখনো বিলাসী ৰেষ্টুৰেণ্টত যোৰহাট পৌৰসভাই অভিযান চলাই থকাৰ মাজতে যোৰহাটৰ Open Café House নামৰ ৰেষ্টুৰেন্টখনৰ পৰা ভালেসংখ্যক নিচাযুক্ত সামগ্ৰী জব্দ কৰা হয় (Narcotics seized at open café house) ৷ এই অভিযানৰ সময়ত Open Café House ৰ স্বৰ্তাধিকাৰীগৰাকীয়ে পৌৰসভাৰ বিষয়াৰ লগতে সাংবাদিককো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে ৷ যোৰহাটৰ Open café House, ৰাজপুতনা লগ ইন, বি জি ইন ৰ নামৰ বিলাসী ৰেষ্টুৰেন্টকেইখনৰ বিৰুদ্ধে যোৰহাট পৌৰসভাই জিলা প্ৰশাসনৰ সহযোগত অভিযান চলাই লক্ষাধিক টকাৰ হোকা জব্দ কৰিবলৈ সক্ষম হৈছে ৷ যোৰহাট জিলাৰ মাজমজিয়াতে থকা এই কেফেসমূহ প্ৰায়বোৰ কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ হাব বুলি বিখ্যাত ৷ মন কৰিবলগীয়া যে, হোকাৰ লগতে বিভিন্ন মাৰাত্মক নিচাজাতীয় সামগ্ৰীয়ে নৱ প্ৰজন্মক ধ্বংসৰ ফালে ঠেলি দিছে ৷ তেনেক্ষেত্ৰত এইদৰে অনুমতিবিহীনভাৱে অধ্যয়নৰত অৱস্থাতে ছাত্ৰ-ছাত্ৰীক হোকা বিক্ৰী কৰি অহাটো এক মাৰাত্মক অপৰাধ ৷ অৱশ্যে ৰেষ্টোৰাকেইখনৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা লোৱাৰ কথা যোৰহাট পৌৰসভাৰ বিষয়াই উল্লেখ কৰিলে ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.