Pepa Assamese Traditional instrument : ম’হৰ শিঙৰ পেঁপাৰ পৰিৱৰ্তে বাঁহৰ পেঁপা নিৰ্মাণত ব্যস্ত পাপু - ম’হৰ শিঙৰ পেঁপা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 13, 2023, 10:31 PM IST

তেজপুৰ, ১৩ এপ্ৰিল : 

‘‘ম'হৰ শিঙৰ পেঁপাটি নবজাবি ককাইটি,

 মনে মোৰ কেনেবা কৰে ৷

পেঁপাৰ মাতে শুনি ৰ'বকে নোৱাৰি ঐ,

দেহা মন ৰাই-জাই কৰে ৷৷’’

ব’হাগ আহিল মানেই বাজি উঠিল গুটীয়া, গোৱাল অথবা যুৰীয়া পেঁপা ৷ বিহুৱা ডেকাই পেঁপাৰ চুপহীত ফু দিলেই নাচনীৰ দেহ-মন ৰাই-জাই কৰে ৷ সাধাৰণতে পেঁপা বুলিলেই ম’হৰ শিঙৰ পেঁপাটোৰ কথাই মনলৈ আহে ৷ পিচে কালৰ সোঁতত হেৰাই যায় বহু সম্পদ (Pepa hornpipe musical instrument) ৷

ক’তনো আৰু এতিয়া সুলভ ম’হৰ শিং ৷ ফলত পেঁপাটো নিৰ্মাণৰ ক্ষেত্ৰত সৃষ্টি হৈছে অসুবিধাৰ ৷ সেই বুলিয়েই জানো পেঁপাটো নহ’লে ৰঙীণ হ’ব হেঁপাহৰ ৰঙালী । পেঁপাৰ শব্দত নাচিবই লাগিব কঁকাল ভাঙি ৷ সেয়েহে ম’হৰ শিঙৰ অভাৱত বাঁহৰ মূঢ়াৰেই পেঁপা নিৰ্মাণত ব্যস্ত হৈ পৰিছে নাৰায়ণপুৰৰ পাপু বৰুৱা (Narayanpur youth made Assamese Traditional instrument Pepa) ৷

বিহু বুলি ব্যস্ততা বাঢ়িছে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী অঞ্চলৰ পাপু বৰুৱাৰ ৷ বিহুলৈ বুলি পেঁপা নিৰ্মাণত দিনে নিশাই ব্যস্ত হৈ পৰিছে শিল্পীগৰাকী । অসম ৰাজ্যিক পৰিবহণ নিগমৰ ঠিকাভিত্তিক কৰ্মচাৰী পাপু বৰুৱাই আজৰি সময়ত পেঁপা নিৰ্মাণ কৰিয়েই পৰিচিত হৈ পৰিছে কেউদিশে ৷ ৰঙালী বিহুত নাচনীক নচুৱাবলৈ বুলি কম খৰচতে ৰাইজক পেঁপা যোগান ধৰিবলৈ সাঁজু হৈছে এই শিল্পীগৰাকী ৷

লগতে পঢ়ক : Assamese traditional instrument : হাতত প্ৰায় 100 বছৰ পুৰণি ম’হৰ শিঙৰ পেঁপা লৈ বিহুলৈ সাজু সোণ ককা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.