Nangal Bihu Celebration : টীয়কৰ কাকতি গাঁৱত নাঙল বিহু উদযাপন

By

Published : Apr 18, 2023, 11:16 AM IST

thumbnail

টীয়ক, ১৮ এপ্ৰিল: ৰাজ্যজুৰি ৰঙালীৰ পাৰভঙা উচাহ । গৰু বিহু, মানুহ বিহু, গোঁসাই বিহু, তাঁতৰ বিহু উদযাপন কৰাৰ পাচত কৃষিজীৱি অসমীয়াই আজি পালন কৰিছে নাঙল বিহু (Rangali Bihu Celebration in Assam) । এই নাঙল বিহুতেই কৃষকসকলে বছৰজোৰা খেতিক লৈ দেখা সপোনে পাতনি মেলে (Nangal Bihu Celebration in Assam) । যান্ত্ৰিকতাৰ ধামখুমীয়া, ইন্ধনৰ আকাশলঙ্ঘী মূল্যই কোঙা কৰাৰ সময়ত কৃষকসকলে পুনৰ তেওঁলোকৰ চেনেহৰ নাঙলটিক আদৰি লোৱাৰ সংকল্প লয় ।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে আজি নাঙলৰ বিহুৰ দিনা টীয়কৰ কাকতি গাঁৱত কৃষকৰ ব্যস্ততা পৰিলক্ষিত হৈছে(Nangal Bihu celebration in Teok) । পুৱাই নাঙলটো ধৰি খেতি পথাৰত ব্যৱহৃত আন আন সঁজুলিসমূহ উলিয়াই আনি নোৱাই ধোৱাই এগছি বন্তি, ধূপ, গুৱা-পাণ আগবঢ়াই নেদেখাজনৰ চৰণত সেৱা লৈছে আৰু আগন্তুক দিনত খেতি পথাৰ যেন সুন্দৰ হৈ পৰে তথা আঘোণত যেন ভঁৰাল মেটমৰা হৈ পৰে তাৰ কামনাৰে সেৱা লৈছে ।

লগতে পঢ়ক : Historian Irfan Habib on Assam CM; ৰাজনৈতিক আলোচনাত আটাইতকৈ বিষাক্ত ব্যক্তি হিমন্ত বিশ্ব শৰ্মা : ইৰফান হাবিব

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.