Assam Book Fair 2023: হাফলঙত অসম গ্ৰন্থমেলাৰ উদ্বোধন কৰিলে নন্দিতা গাৰ্লোচাই - অসম প্ৰকাশন পৰিষদ
🎬 Watch Now: Feature Video


Published : Oct 1, 2023, 8:25 PM IST
হাফলং, ১ অক্টোবৰ: ডিমা হাছাও জিলাৰ হাফলঙত দেওবাৰৰ পৰা আৰম্ভ হৈছে অসম গ্ৰন্থমেলা । এই গ্ৰন্থমেলাৰ উদ্বোধন কৰে শক্তি আৰু যুৱ ক্ৰীড়া কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোচাই । তেওঁ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশন আৰু বিক্রেতা সংস্থাৰ উদ্যোগত হাফলং সাংস্কৃতিক ভৱন পথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ বন্তি প্ৰজ্জ্বলন কৰি আজি উদ্বোধন কৰে । ডিমা হাছাও জিলাত প্ৰথমবাৰৰ বাবে আয়োজিত অসম গ্ৰন্থমেলাত দিল্লীৰ উপৰি কলকাতা, গুৱাহাটী, শিলচৰৰ পৰা বিভিন্ন প্ৰকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰিছে ।
শক্তি আৰু যুৱ ক্ৰীড়া কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোচাই অসম গ্ৰন্থমেলা উদ্বোধন কৰি গ্ৰন্থমেলাত থকা বিপণিসমূহ পৰিদৰ্শন কৰে । তেওঁ প্ৰথমবাৰৰ বাবে হাফলঙত অনুষ্ঠিত এই অসম গ্ৰন্থমেলাত ব্যাপক সঁহাৰি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে ।
লগতে পঢ়ক:Minister Atul Bora: দলতে এলাগি হ’ল নেকি অগপৰ জ্যেষ্ঠ নেতা ! কি ক’লে অতুল বৰাই ?