BVFCL Namrup: নামৰূপ সাৰ কাৰখানা বন্ধ হোৱাকলৈ নামৰূপৰ ৰাইজৰ প্ৰতিক্ৰিয়া - Namrup BVFCL to be closed
🎬 Watch Now: Feature Video
নাহৰকটীয়া, 22 জুলাই : বন্ধৰ দিশে ৰুগ্নপ্ৰায় উদ্যোগ নামৰূপ সাৰকাৰখানা ৷ কেন্দ্ৰীয় ৰাসায়ন আৰু সাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ভগবন্ত খুবাই লোকসভাত সাংসদ গৌৰৱ গগৈৰ নামৰূপ সাৰকাৰখানাৰ পুনৰুজ্জীৱিতকৰণৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কয় যে, নিটি আয়োগৰ অধ্যক্ষতাত গ্ৰুপ অব অফিচাৰ্ছৰ গুৰুত্বপূৰ্ণ বৈঠকে সাৰকাৰখানাটো বন্ধৰ পৰামৰ্শ দিছে ৷ এই সংবাদ লাভ কৰি ক্ষোভিত হৈ পৰিছে নামৰূপৰ দল-সংগঠন তথা নামৰূপবাসী ৰাইজ ৷
গুৰুত্বহীন ৰাজহুৱা উদ্যোগসমূহ ব্যক্তিগত খণ্ডক গতাই দিয়া নতুবা বন্ধ কৰাৰ পোষকতা কৰাৰ কথা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ উত্তৰত লোকসভাৰ মজিয়াত স্পষ্ট হৈ পৰে ৷ এই সন্দৰ্ভত শনিবাৰে নামৰূপত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ 2015 চনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণ কৰিয়েই 100 দিনীয়া অৰ্থনৈতিক পৰিক্ৰমাৰ মাজত সাৰকাৰখানাৰ চতুৰ্থগোট স্থাপনৰ বাবে অনুমোদন জনাইছিল ৷ কিন্তু আজি 8 বছৰৰ পাছত সম্পূৰ্ণ পৰিৱেশ সলনি হোৱাত স্বাভাৱিকতে ক্ৰোধিত হৈছে নামৰূপৰ ৰাইজ ৷
লগতে পঢ়ক : Manipur Violence : মণিপুৰৰ ঘটনাই বিশ্ববাসীৰ সন্মুখত ভাৰতক লজ্জানত কৰিলে; ড০ নগেন শইকীয়া