Nalbari Silgoshani Than: পাঁচদিনীয়াকৈ অনুষ্ঠিত হৈছে শিলগোসাঁনী থান সভা মহোৎসৱ - Nalbari Silgoshani Than
🎬 Watch Now: Feature Video
লোকাৰণ্য হৈ পৰিছে শিলগোসাঁনী থান সভা মহোৎসৱ(Nalbari Silgoshani Than) ৷ নলবাৰীৰ শিলগোসাঁনী থানত সোমবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শিলগোসাঁনী থান সভা মহোৎসৱ ৷ মহোৎসৱত ভাগ ল’বলৈ ভিৰ কৰিছেহি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অসংখ্য লোকে ৷ লোকবিশ্বাস অনুসৰি পূৰ্বে এই ঠাইত শ্ৰী শ্ৰী মা লক্ষ্মী দেৱীৰ মূৰ্তি পোৱা গৈছিল ৷
লগতে দেৱীৰ মূৰ্তিত এজনী গাই গৰুৱে প্ৰতিদিনে গাখীৰ দি থকাৰ প্ৰবাদ আছে ৷ সেয়েহে, প্ৰতি মাঘ মাহৰ 1 তাৰিখৰ পৰা 5 মাঘলৈ অনুষ্ঠিত কৰা হয় শিলগোসাঁনী সভা মহোৎসৱ ৷ ইফালে, এই স্থানতে শ্ৰী শ্ৰী মা লক্ষ্মী দেৱীৰ মন্দিৰৰ লগতে বড়োসকলৰ বাথৌ মন্দিৰৰো সমন্বয় দেখিবলৈ পোৱা গৈছে ৷
Last Updated : Feb 3, 2023, 8:39 PM IST