Nalbari Road Accident: নলবাৰীত স্কুটী-মালবাহী বাহনৰ মাজত মুখামুখি সংঘৰ্ষ, নিহত 1 - নলবাৰীৰ তেৰেচিয়া

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 5, 2023, 8:49 PM IST

নলবাৰী,5 জুলাই: নলবাৰীৰ তেৰেচিয়াত বুধবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । স্কুটী আৰু মালবাহী বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷ ফলত দুৰ্ঘটনাস্থলীতে নিহত হৈছে স্কুটী আৰোহী ৷ নিহত গৰাকী সংগীতা তালুকদাৰ নামৰ এগৰাকী যুৱতী ৷ জানিব পৰা মতে নলবাৰী চহৰৰ পৰা বালিলেছা বৰভাগ অভিমুখে গৈ আছিল মালবাহী বাহনখন  ৷

আনহাতে স্কুটী আৰোহী সংগীতা তালুকদাৰে বৰভাগৰ পৰা নলবাৰী চহৰ অভিমুখে গৈ থাকোতে সংঘটিত হৈছিল এই দুৰ্ঘটনা ৷ নিহত সংগীতা তালুকদাৰৰ ঘৰ বৰভাগৰ ৰাইমাধাত । দুৰ্ঘটনাত পতিত হোৱা স্কুটীখনৰ নম্বৰ AS-14-F-3344, মালবাহী বাহনখনৰ নম্বৰ AS-25-FC-1168 । দুৰ্ঘটনা সংঘটিত হোৱাৰ পিচত স্থানীয় লোকে যুৱতীগৰাকীক ততাতয়াকৈ নলবাৰী মেডিকেল কলেজ চিকিৎসালয়লৈ নিয়ে যদিও তাৰ পূৰ্বেই মৃত্যু হয় যুৱতীগৰাকীৰ ।

লগতে পঢ়ক:CM in Nalbari: নলবাৰীত বিকাশ কাৰ্যসূচী ৰূপায়ণ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.