Motor Workers Association protest: হাজো নলবাৰী পথত চিটি বাছৰ বিৰুদ্ধে ট্ৰেভেলাৰ চালকৰ ক্ষোভ - Passenger Traveler driver protest in Nalbari
🎬 Watch Now: Feature Video


Published : Sep 12, 2023, 12:56 PM IST
নলবাৰী, ১২ ছেপ্টেম্বৰ : গ্ৰাম্য পথত চিটি বাছে যাত্ৰী কঢ়িওৱাৰ অভিযোগ উত্থাপন কৰি নলবাৰীত মটৰ শ্ৰমিক সন্থাই মঙলবাৰে প্ৰতিবাদ সাব্য়স্ত কৰে । হাজো-নলবাৰী পথেৰে কোনো অনুজ্ঞাপত্ৰ নোহোৱাকৈ চিটি বাছে যাত্ৰী কঢ়িয়াই নিয়াৰ ফলত প্ৰতিবাদ মুখৰ হৈ পৰিছে নলবাৰীৰ বিজুলীঘাট । নলবাৰী মটৰ শ্ৰমিক সন্থাৰ আহ্বানত আজি চিটি বাছৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰে যাত্ৰীবাহী লঘু বাহনৰ চালক-মালিক সকল ।
প্ৰতিবাদকাৰীসকলে কয় যে, নলবাৰীৰ পৰা ২০ খনকৈ চিটি বাছে হাজো হৈ গুৱাহাটী লৈ যাত্ৰী কঢ়িয়াই নিয়াৰ ফলত এতিয়া ট্ৰেভেলাৰ চালক, মালিক সকলে পেটত গামোচা বান্ধিব লগীয়া হৈছে ।
জিলা প্ৰশাসনে চিটি বাছ সমূহক নাকি লগাবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বাবে আজি হাজো-নলবাৰী-গুৱাহাটী পথেৰে যাত্ৰীবাহী ট্ৰেভেলাৰ বন্ধ ৰাখে নলবাৰী মটৰ শ্ৰমিক সন্থাই । অতি সোনকালে হাজো-নলবাৰী পথত চিটি বাছে যাত্ৰী কঢ়িওৱাটো বন্ধ কৰাৰ দাবী জনাইছে ট্ৰেভেলাৰ চালক মালিক সকলে ।