Street Drama in Nalbari: বাটৰ নাটেৰে দুৰ্ঘটনা ৰোধৰ চেষ্টা নলবাৰী জিলা পৰিবহন বিভাগৰ - নলবাৰী জিলা পৰিবহন বিষয়া
🎬 Watch Now: Feature Video
নলবাৰী, 29 জুলাই : নলবাৰী জিলাৰ ভিন্ন প্ৰান্তত পৰিবহন বিভাগৰ বাটৰ নাট অনুষ্ঠান ৷ দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে নলবাৰীৰ ভিন্ন প্ৰান্তত পৰিবহন বিভাগে চলাইছে বাটৰ নাটৰে সজাগতা ৷ ৰাজ্যত নিতৌ হোৰাহোৰে বৃদ্ধি হৈছে পথ দুৰ্ঘটনাৰ সংখ্যা ৷ ইমানৰ পিচতো একাংশ লোকে সুৰাপান কৰি গাড়ী চলোৱাৰ লগতে হেলমেট অবিহনে দুচকীয়া বাহন চলাই দুৰ্ঘটনাত পতিত হৈ নিজৰ প্ৰাণ হেৰুৱাইছে ৷
নিজৰ জীৱনৰ প্ৰতি সুমতি নথকা তেনে আইন উলংঘকাৰী চালকসকলক সজাগ কৰোৱাৰ উদ্দেশ্যে এনেদৰে নলবাৰী জিলাৰ ভিন্ন প্ৰান্তত জিলা পৰিবহন বিভাগে বাটৰ নাটেৰে সজাগ আনিবলৈ চেষ্টা চলাইছে ৷
উল্লেখযোগ্য যে, হেলমেট বিহীন চালক, সুৰাপান কৰি বাহন চলোৱা চালক আদিৰ ওপৰত এই নাট প্ৰদৰ্শন কৰে বিভাগটোৱে ৷ নলবাৰীৰ চ'ক বজাৰৰ লগতে জনতাৰ সমাগমস্থলীত এইদৰে বাটৰ নাট প্ৰদৰ্শন কৰি সজাগতা অনাৰ চেষ্টা বিভাগৰ । এই কাৰ্যসূচীত উপস্থিত থাকি নলবাৰী জিলা পৰিবহন বিষয়াগৰাকীয়ে সকলো লোককে পৰিবহন বিভাগৰ নীতি নিয়ম মানি চলিবলৈ আহ্বান জনায় ৷