thumbnail

By

Published : Aug 20, 2023, 7:36 PM IST

ETV Bharat / Videos

Nalbari News: অসহায় বৃদ্ধ দম্পতীৰ কাষত নলবাৰী জিলা প্ৰশাসন

নলবাৰী,20 আগষ্ট: অৱশেষত সংবাদ মাধ্যমৰ বাতৰিৰ পিচতে নলবাৰীৰ চতেমাৰীৰ বৃদ্ধ দম্পতীৰ কাষত থিয় দিলে নলবাৰী জিলা প্ৰশাসনৰ লোক । চতেমাৰীৰ এহাল অসুস্থ বৃদ্ধ দম্পতীয়ে মথাউৰিত এটা ভগা জুপুৰী ঘৰত অসহায় জীৱন সংগ্ৰাম চলাইছিল । চতেমাৰীৰ নাৰায়ণ দাস অৰু তেওঁৰ পত্নী পদ্দা দাসে মথাউৰীৰ ওপৰত দুটা বছৰে জৰাজীৰ্ণ ঘৰত বসবাহ কৰি আহিছিল ৷  

যিবোৰ দৃশ্য সাংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিচতে দেওবাৰে বৃদ্ধ দম্পতীহালৰ ওচৰত উপস্থিত হয় নলবাৰী জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ লোক । বৃদ্ধ দম্পতীহাল যিহেতু অসুস্থ হৈ আছে সেয়হে তেওঁলোকক নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে স্বাস্থ্য বিভাগে । লগতে তেওঁলোকক স্বাৱলম্বীৰ বাবে অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন আদিকে কৰি সকলো ধৰণৰ চৰকাৰী আঁচনি প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে নলবাৰী জিলা প্ৰশাসনে।

লগতে পঢ়ক:Cheating in Love : নলবাৰী আৰক্ষীৰ জিম্মাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপ সংমণ্ডল বিষয়া; গুৰুতৰ অভিযোগ প্ৰেমিকাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.