Bus accident:ঘাইপথৰ পৰা দ খাৱৈত বাগৰি পৰিল নৈশ বাছ

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 3:56 PM IST

thumbnail

নলবাৰী, ১১ ছেপ্টেম্বৰ : নলবাৰীৰ টিহুত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে । ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ টিহুৰ ভাল্লা চ’কত সংঘটিত হয় এই দুৰ্ঘটনা । এখন নৈশ বাছ ঘাইপথৰ পৰা দ খাৱৈত বাগৰি পৰে ৷ ফলত আহত হয় অৰ্ধ শতাধিক লোক ৷

জানিব পৰা মতে, কোচবিহাৰৰ মাঠাভাঙাৰ পৰা বাইহাটা চাৰিআলি অভিমুখী AS 17 C 6559 নম্বৰৰ বাছখন ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দ খাৱৈত বাগৰি পৰে । দুৰ্ঘটনাটোৰ ফলত কম বেছি পৰিমাণে আহত হয় অৰ্ধ শতাধিক যাত্ৰী । উল্লেখ্য যে ৫৫ গৰাকী যাত্ৰী ৰিজাৰ্ভ কৰি কঢ়িয়াই অনা বাছখনৰ বহুজন যাত্ৰীয়েই কম বেছি পৰিমাণে আহত হোৱাৰ খবৰ আহিছে ।

আহত যাত্ৰী সকলক টিহু আৰু নলবাৰীৰ চিকিৎসালয়লৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে । বাছখনত ৮ টি শিশু আৰু মহিলাযাত্ৰী থকা বুলি জানিব পৰা গৈছে । নিশা ৩:৩০ বজাত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । দুৰ্ঘটনাটোৰ পিচত টিহু আৰক্ষী আৰু স্থানীয় ৰাইজে মিলি উদ্ধাৰ কৰে দুৰ্ঘটনাগ্ৰস্ত হোৱা লোকসকলক ।

লগতে পঢ়ক : Lakhimpur Road Accident: লখিমপুৰত ট্ৰেক্টৰ বলেৰ’ বাহনৰ সংঘৰ্ষ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.