Arm Wrestler Felicitated : আন্তৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ নৱদ্বীপ গগৈক সম্বৰ্ধনা

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 7:32 PM IST

thumbnail

নাহৰকটীয়া, ৫ অক্টোবৰ : মালয়েছিয়াত অনুষ্ঠিত সদ্যসমাপ্ত বিশ্ব পাঞ্জা প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰি ৰূপৰ পদকেৰে উজলিছে অসমৰ এগৰাকী প্ৰতিভা সম্পন্ন পাঞ্জা খেলুৱৈ । তেওঁ হৈছে নাহৰকটীয়াৰ নৱদ্বীপ গগৈ । নাহৰকটীয়াৰ পি ডব্লিউ ডি কʼলনিৰ নৱদ্বীপ গগৈয়ে ৰাজ্যৰ লগতে দেশলৈ ৰূপৰ পদকেৰে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী ।

যাৰ বাবে বুধবাৰে নাহৰকটীয়া আৰ্ম ৰেষ্টলাৰ্ছৰ উদ্যোগত তেওঁক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয় । নাহৰকটীয়া নগৰৰ জয়পুৰ তিনিআলিত আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানত স্থানীয় ৰাইজ তথা নাহৰকটীয়া টাউন ক্লাবৰ তৰফৰ পৰাও নৱদ্বীপ গগৈক বিশেষভাৱে সম্বৰ্ধনা জনায় । 

উল্লেখ্য যে ২৬ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ এই আন্তঃৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতা মালয়েছিয়াত অনুষ্ঠিত হয় ৷ বিশ্বৰ কেইবাখনো দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত অসমৰ পৰা ২৫ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল । ১৫ বছৰ অনূৰ্ধ্ব শাখাত ৬৩ কেজিত মৃণ্ময় তালুকদাৰে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় ।

আনহাতে, ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ নৱদ্বীপ গগৈয়ে ৰূপৰ পদক জয় কৰে । বিশ্ব পাঞ্জা প্ৰতিযোগিতাত ২১ বছৰ অনূৰ্ধ্ব ৯৫ কেজি শাখাত ৰূপৰ পদক লাভ কৰে নৱদ্বীপ গগৈয়ে ।

লগতে পঢ়ক :Protest in Tinsukia: তিনিচুকীয়াত APDCL ৰ বিৰুদ্ধে প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.