নগাঁৱৰ ননৈত ত্ৰাস চলোৱা বাঘটো উভতি যোৱাৰ সন্দেহ - Assam Tiger Attack

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 5:12 PM IST

নগাঁও, 8 জানুৱাৰী : শুক্ৰবাৰৰ পৰা নগাঁৱৰ ননৈ অঞ্চলত ত্ৰাস চলাই আহিছিল এটা বাঘে ৷ সেই বাঘটো ইতিমধ্যে ননৈ এৰি নিজ স্থানলৈ উভতি গৈছে ৷ এই কথা প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাই ।

সোমবাৰে নগাঁও কাৰ্বি আংলং সীমান্তৰ সমীপৰ পুলি বাগানত পোৱা গৈছে এটা বাঘৰ খোজৰ চিহ্ন । খোজৰ চিহ্ন প্ৰত্যক্ষ কৰি ননৈ অঞ্চলত ত্ৰাস চলোৱা ঢেকীয়াপতীয়া বাঘটোৱে কন্দলি পাহাৰ অথবা বাঘটোৰ পূৰ্বৰ স্থানলৈ উভতি যোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমী দুলু বৰাই । অৱশ্যে বন বিভাগেও একেই সন্দেহ প্ৰকাশ কৰিছে যদিও এই পৰ্যন্ত নিশ্চিত হ'ব পৰা নাই বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, শুক্ৰবাৰে নগাঁৱৰ ননৈ ভেলাইগাঁৱত প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘটোৰ আক্ৰমণত এগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে আন এগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল । তাৰ পিচৰে পৰাই কেৱল নগাঁৱৰ ননৈ অঞ্চলতেই নহয় নগাঁৱৰ বিভিন্ন অঞ্চলত বিৰাজ কৰিছিল এক আতংকময় পৰিস্থিতিৰ । কিন্তু বাঘৰ উভতনি যাত্ৰাৰ কথা গম পাই কিছু স্বস্তিৰ নিশ্বাস এৰিছে গাঁওবাসীয়ে ৷

লগতে পঢ়ক : কমলাবাৰী ফেৰী ঘাটৰ ৰেম্প স্থানান্তৰ কৰাৰ সিদ্ধান্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.