Nagaon police officers inhuman act: অভিযুক্ত আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জ, চলিছে বিভাগীয় তদন্ত - Nagaon police officers inhuman act
🎬 Watch Now: Feature Video
নগাঁও, 24 মাৰ্চ : নগাঁও আৰক্ষীৰ নগৰ শাখাৰ উপ-পৰিদৰ্শকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী অধীক্ষক লীনা দলেই । আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছিল নিৰীহ লোকক অত্যাচাৰ কৰাৰ অভিযোগ । এই অভিযোগৰ পাছতেই আৰক্ষী অধীক্ষকগৰাকীয়ে বিভাগীয় তদন্ত ঘোষণা কৰি তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) ত্ৰিদীৱ কুমবাঙক (Departmental investigation underway) ।
নগাঁও সদৰৰ TSI ৰঞ্জিত গগৈক ইতিমধ্যে ৰিজাৰ্ভ ক্ল’জ কৰা বুলি জানিবলৈ দিছে আৰক্ষী অধীক্ষকগৰাকীয়ে (Accused police officer reserved closed) । নগাঁও চহৰৰ বৰবজাৰত গুণ্ডামি কৰাৰ অভিযোগ উঠিছিল আৰক্ষী বিষয়া গগৈৰ বিৰুদ্ধে । এগৰাকী বাঁহ ব্যৱসায়ীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে । ইয়াৰোপৰি এজন ঠেলাৱালাৰ ওপৰতো জঁপিয়াই পৰাৰ অভিযোগ উত্থাপন হৈছিল তেওঁৰ বিৰুদ্ধে ।
ঘটনা সন্দৰ্ভত নগাঁও আদালতত এগৰাকী ভুক্তভোগীয়ে গোচৰ তৰা বুলিও জানিব পৰা গৈছে (Complaint against Nagaon Police)।
লগতে পঢ়ক : Dhubri Police disposes narcotics: ধুবুৰীৰ ইটাভাটাত জলিল জব্দকৃত ড্ৰাগছ