thumbnail

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 12:05 PM IST

ETV Bharat / Videos

Tense situation in Nagaon: লোড শ্বেডিঙক লৈ নগাঁৱত উত্তপ্ত পৰিস্থিতি

নগাঁও, 3 ছেপ্টেম্বৰ : এফালে উৎকট গৰম, আনফালে বিদ্যুতৰ সঘন লুক-ভাকু । 24 ঘণ্টাই বিদ্যুতৰ গেৰাণ্টি দিয়া চৰকাৰৰ দিনতেই লোড শ্বেডিঙৰ নামত সঘনাই হোৱা বিদ্যুৎ কৰ্তনে অতিষ্ঠ কৰি তুলিছে সৰ্বসাধাৰণ জনতাক । লোড শ্বেডিঙক লৈ শনিবাৰে নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নগাঁৱত ।

নগাঁৱৰ হয়বৰগাঁৱৰ বিদ্যুৎ উপ কেন্দ্ৰত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ ক্ষোভিত পুৰুষ মহিলাই ৷ অসহ্যকৰ গৰমত বিদ্যুৎ কৰ্তনত অতিষ্ঠ শতাধিক লোকে নিশাই বিদ্যুৎ উপ কেন্দ্ৰ ঘেৰাও কৰি সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ । আনকি একাংশ উত্তেজিত লোকে কাৰ্যালয়ত আক্ৰমণৰো চেষ্টা চলায় । পৰিস্থিতি অধিক উত্তেজিত হৈ পৰাৰ আশংকাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চিআৰপিএফ মোতায়েন কৰা হয় ।

লগতে পঢ়ক : State Teacher Award 2023: কৃতী শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত মৰিগাঁৱৰ শিক্ষক প্ৰদীপ কুমাৰ পাটৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.