নগাঁৱত সাংবাদিক অপদস্থ ঘটনাক লৈ প্ৰতিক্ৰিয়া জিলা আয়ুক্তৰ

🎬 Watch Now: Feature Video

thumbnail

নগাঁও, 6 জানুৱাৰী : শুকুৰবাৰে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত এগৰাকী সাংবাদিকক অপদস্থ কৰা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ৷ জিলা আয়ুক্ত গৰাকীৰ বিৰুদ্ধে সাংবাদিকক প্ৰহাৰৰো অভিযোগ উত্থাপন হোৱাত শনিবাৰে নগাঁৱত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছিল সাংবাদিকসকলে ৷

ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে শনিবাৰে সংবাদ মাধ্যমৰ সন্মুখত জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ মন্তব্য- "মই সাংবাদিকক সন্মান কৰো ৷ সাংবাদিকৰ প্ৰশ্ন সোধাৰ অধিকাৰ আছে ৷ এগৰাকী মহিলা আৰক্ষীৰ বিৰুদ্ধে তেওঁ অভিযোগ আনিছিল ৷ মোক লগে লগে মহিলা আৰক্ষী গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছিল ৷ কিন্তু পিচত ব্যৱস্থা লোৱা হ'ব বুলি কোৱাৰ লগে লগে কিছু উত্তেজিত হৈ পৰিছিল সাংবাদিকগৰাকী ৷ যাৰ বাবে আৰক্ষীক খবৰ দি গতাই দিয়া হৈছিল তেওঁক ৷ সাংবাদিকক প্ৰহাৰ কৰাৰ কথা সম্পূৰ্ণ মিছা বুলি মন্তব্য কৰিলে জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ৷ 

লগতে পঢ়ক : বিধায়ক ৰঞ্জিৎ দত্তৰ পুত্ৰক আটক, সুৰাসক্ত হৈ গাড়ী চলাই আৰক্ষীৰে তৰ্ক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.