চাইকেলেৰে দেশৰ দ্বাদশ জ্যোতিৰ্লিংগ ভ্ৰমণ কৰি ঘৰলৈ উভতিল নগাঁৱৰ বিবেক - Vivek Sahani visit 12 Jyotirlinga
🎬 Watch Now: Feature Video
Published : Dec 8, 2023, 9:42 AM IST
নগাঁও, 8 ডিচেম্বৰ : 108 দিনৰ অন্তত চাইকেল চলাই দেশৰ বাৰখন জ্যোতিৰ্লিংগ ভ্ৰমণ কৰি নগাঁৱলৈ উভতিল বিবেক সাহানি ৷ ভ্ৰমণ সামৰি নগাঁৱত উপস্থিত হোৱাৰ পিচতে বিবেক সাহানিক উষ্ম আদৰণি জনায় নগাঁওবাসীয়ে ৷ যোৱা আগষ্ট মাহত নগাঁৱৰ পৰা চাইকেলেৰে আৰম্ভ কৰা যাত্ৰা নৱেম্বৰ মাহতে সম্পূৰ্ণ কৰে বিবেকে ৷ মন্দিৰ দৰ্শন সামৰি মঙলবাৰে অৰ্থাৎ 7 ডিচেম্বৰৰ বিয়লি বাসগৃহত উপস্থিত হয় বিবেক সাহানি।
বিবেক চাহানিয়ে বিহাৰৰ বাবাধাম, কেদাৰনাথ, মধ্য প্ৰদেশ হৈ কাশীবিশ্বনাথত উপস্থিত হৈছিল। বাৰ জ্যোতিলিংগ দর্শনৰ যাত্ৰাপথত বহু সংখ্যক লোকে বিবেকক আদৰণি জনাইছিল । দৈনিক প্ৰায় এশ কিলোমিটাৰতকৈ অধিক চাইকেল চলাইছিল বিবেকে ৷ বিবেক সাহানিয়ে ৰামেশ্বৰমৰ জ্যোতিৰ্লিংগ দৰ্শন কৰি এই যাত্ৰাৰ সামৰণি মাৰিছিল। বিবেক সাহানিৰ এই যাত্ৰাক লৈ উৎফুল্লিত হৈ পৰিছে পৰিয়ালৰ লোক। জ্যেষ্ঠ সাংবাদিক বৈদ্যনাথ সাহানিৰ পুত্ৰ বিবেক সাহানি ৷
লগতে পঢ়ক: লালমাটিত নিশা ডাম্পাৰে মহতিয়াই নিলে পথচাৰীক