IFS examination:কোনো আনুষ্ঠানিক প্ৰশিক্ষণ অবিহনেই ভাৰতীয় বন সেৱাত ৬৮ নম্বৰ স্থানত নগাঁৱৰ ভাস্বত শইকীয়া - ভাস্বত শইকীয়া

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 1, 2023, 10:56 PM IST

নগাঁও, 1 জুলাই : IFS ত স্থানত লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়ালে নগাঁৱৰ ভাস্বত শইকীয়াই । কোনো আনুষ্ঠানিক প্ৰশিক্ষণ অবিহনেই ভাৰতীয় বন সেৱা (IFS) ত দেশৰ ভিতৰতে ৬৮ সংখ্যক স্থান দখল কৰিলে ভাস্বতে ৷

নগাঁও চহৰৰ ডিফলুৰ ভাস্বত শইকীয়াৰ সাফল্যত নগাঁৱৰ লগতে সমগ্ৰ অসমতে আনন্দৰ জোৱাৰ । হাইস্কুল শিক্ষান্ত পৰীক্ষাতো দশম স্থান লাভ কৰিছিল ভাস্বতে । অসমতে বন বিভাগত সেৱা আগবঢ়াব বিচাৰে ভাস্বতে ।

ভাস্বত শইকীয়াই প্ৰথমবাৰৰ বাবে সৰ্বভাৰতীয় পৰ্য্যায়ৰ পৰীক্ষাত অৱতীৰ্ণ হৈয়েই সফলতা আজুৰিবলৈ সক্ষম হৈছে । পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পূৰ্বে কোনো আনুষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ কৰা নাছিল ভাস্বত শইকীয়াই । ঘৰৰ পৰাই প্ৰস্তুতি চলাই সফলতা লাভ কৰিবলৈ সক্ষম হোৱা ভাস্বত শইকীয়াক লৈ উৎফুল্লিত ভাস্বত শইকীয়াৰ পৰিয়ালৰ লোক । ভাৰতীয় বন সেৱাত স্থান লাভ কৰি ৰাইজৰ হৈ কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে ভাস্বত শইকীয়াই ।

লগতে পঢ়ক : Award to Manoj Kumar Goswami: সাহিত্যিক সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ সমাজ হিতৈষী বঁটা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.