Dead body recovered: পথাৰত মৃতদেহ উদ্ধাৰক লৈ চামগুৰিত চাঞ্চল্য - Deadbody recover in Samguri
🎬 Watch Now: Feature Video
চামগুৰি,৯ জুলাই: চামগুৰিৰ উদমাৰিত এটা মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য । চামগুৰিৰ উদমাৰিৰ এখন পথাৰত দেওবাৰে পুৱাতেই এটি মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে । মৃতদেহটো ২৮ বছৰীয়া যুৱক প্ৰতাপ বাৰলাৰ বুলি জানিব পৰা গৈছে । মৃতদেহটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাৰ সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হয় এক হাহাকাৰময় পৰিস্থিতিৰ ।
মৃত যুৱকজন গান্ধী ক্রেচাৰত বিগত তিনি দিন ধৰি কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে । সমান্তৰালকৈ স্থানীয় লোকে চামগুৰি আৰক্ষী থানাত খবৰ দিয়াৰ পিচতে ঘটনাস্থলীত চামগুৰি আৰক্ষী আহি উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ লগতে মৃতদেহটো উদ্ধাৰ কৰি নগাঁওস্থিত ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাচতহে পোহৰলৈ আহিব প্ৰকৃত ঘটনা ৷
লগতে পঢ়ক: Crime in Guwahati: ভৰলু নদীত উদ্ধাৰ মহিলাৰ উলংগ মৃতদেহ; ঘটনাক লৈ চাঞ্চল্য