Murder in Kaliabar: কলিয়াবৰত ৰহস্যজনকভাৱে মৃত্যু এজনৰ - কলিয়াবৰত ৰহস্যজনকভাৱে মৃত্যু এজনৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/19-09-2023/640-480-19552123-thumbnail-16x9-kaliabar-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 19, 2023, 4:37 PM IST
কলিয়াবৰ,১৯ ছেপ্টেম্বৰ: কলিয়াবৰ বামুণী পথাৰত নিশা অঘটন । মদন দাস নামৰ এজনৰ ৰহস্যজনকভাৱে মৃত্যু । ঘৰৰ সমুখৰ পথৰ দাঁতিত গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ হোৱাৰ পাছত স্থানীয় লোকে ততাতৈয়াকৈ জখলাবন্ধা মহকুমা চিকিৎসালয়লৈ আনে যদিও মদন দাসৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে ।
চিকিৎসকে মূৰৰ পাছফালে আঘাত থকাৰ কথা প্ৰকাশ কৰিছ । পৰিয়ালৰ সন্দেহ লোকজনক কোনোবাই চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছে । ইতিমধ্যে জখলাবন্ধা আৰক্ষীয়ে চিকিৎসালয়ত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । স্থানীয় লোকৰ সৈতে থকা দীৰ্ঘদিনীয়া সংঘাতৰ বাবেই মদন দাসক হত্যা কৰাৰ দাবী পৰিয়ালৰ লোকৰ । আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা ।
লগতে পঢ়ক: Two road accidents: ডিব্ৰুগড়ত একে নিশাই দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা