Jonai news: বিহু আৰু তাজমহলৰ এক এৰাব নোৱাৰা সম্পৰ্ক, ধৰ্মই হৈছে হেঙাৰ ! - বিহু নচাত ধৰ্মই হৈছে হেঙাৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 21, 2023, 10:58 AM IST

জোনাই, 21 মাৰ্চ : অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটি আহি পালেহি দুৱাৰদলি ৷ ইতিমধ্যেই ৰাজ্যৰ প্ৰতিখন জিলাতে আৰম্ভ হৈছে বিহুৰ আখৰা ৷ মুঠতে অসমত এতিয়া সৰ্বত্ৰে বিহুক আদৰাৰ প্ৰস্তুতি ৷

কিন্তু শেহতীয়াকৈ বিহু কেন্দ্ৰিক এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যখনত ৷ বিহু নচাৰ বাবে ৰাইজৰ ৰোষত পৰিছে এজন যুৱক, নাম তাজমহল ৷ বিহুত অংশগ্ৰহণ কৰিবলৈ গৈ জোনাইৰ এই ইছলামধৰ্মী যুৱকজনৰ বাবে হেঙাৰ হৈ পৰিছে সমাজৰ একাংশ লোক ।

সৰুৰে পৰাই বিহু নাচি ভাল পোৱা জোনাইৰ এজন মুছলমান যুৱক (Male bihu dancer) । নাম তাজমহল আলি । জোনাইৰ ৩নং মূৰ্কংচেলেক গাঁৱৰ নিবাসী যুৱকজন । বিহুৰ মাত শুনিলেই ৰ’ব নোৱাৰা এই যুৱকজনে বিহু নচা বাবেই সমাজৰ একাংশ ব্যক্তিয়ে তেওঁক কলংক হিচাপে অভিহিত কৰিছে (muslim youth got trolled for performing bihu dance) । 

তাজমহলে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত সৰুৰে পৰা বিভিন্ন ঠাইত বিহু নাচি লাভ কৰিবলৈ সক্ষম হৈছে পুৰষ্কাৰ তথা মানপত্ৰ । কিন্তু যুৱকজনে বিহু নচাৰ বাবে মুছলমান সমাজৰ একাংশ লোকে কঠোৰ ভাষাৰে সমালোচনা কৰিছে তেওঁক ৷  এইসকল লোকৰ পৰা বিভিন্ন বাধাৰ সন্মুখীন হ'বলগীয়া হৈছে উদয়ীমান যুৱকজন (Jonai male bihu dancer)। 

আনকি নামাজ পঢ়িবলৈ গ'লেও পোছাকক লৈ একাংশ লোকৰ পৰা বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হয় বুলিও জানিবলৈ দিছে যুৱকজনে (Jonai youth news) । তথাপি সমাজৰ বিভিন্ন বাধাক নেওচি বিহুৰ কাৰ্যসূচীসমূহত ভাগ লৈ বিহুক বিশ্বদৰবাৰলৈ লৈ যোৱাৰ হেঁপাহ জোনাইৰ উদয়ীমান যুৱক তাজমহল আলিৰ ।

লগতে পঢ়ক : Bihu dance and Dhol badan workshop:ঢোল-পেঁপা-গগণাৰ মাতত মুখৰিত হৈছে নাহৰকটীয়াৰ লেঙেৰিজান খেলপথাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.