thumbnail

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 12:04 PM IST

ETV Bharat / Videos

Murder case in Jonai: প্ৰেমজনিত কাৰণত জঘন্য হত্য়াকাণ্ড, হত্যাকাৰীক শীঘ্ৰে ফাঁচিৰ দাবী আত্মীয়ৰ

জোনাই, 16 নৱেম্বৰ: ধেমাজি জিলাৰ জোনাইৰ অসম অৰুণাচল সীমান্ত ৰুকচিনস্থিত 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ এখন ধাননি পথাৰত বুধবাৰে দিনৰ ভাগত এক জঘন্য হত্যাকাণ্ড সংঘটিত হৈছিল । শিবু বৈশ্য নামৰ লোকজনে এখন চোকা অস্ত্ৰৰে অজয় দাস নামৰ যুৱকজনৰ মুণ্ডছেদ কৰি ছিন্ন মুণ্ড এটা প্লাষ্টিকৰ বস্তাত ভৰাই ৰুকচিন আৰক্ষী থানাত আত্মসমৰ্পণ কৰে।

এই ঘটনাৰ পিচতে ভুক্তভোগী অজয়ৰ পৰিয়ালৰ লোকে প্ৰেমজনিত কাৰণতেই অজয় দাসক শিবু বৈশ্যই চোকা অস্ত্ৰৰে শিৰচ্ছেদ কৰে বুলি মন্তব্য প্ৰকাশ কৰে। এই ঘটনাৰ পূৰ্বেও শিবু বৈশ্যই প্ৰেমজনিত কাৰণতেই অজয় দাসৰ লগত কেইবাবাৰো হাই কাজিয়া কৰা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷ ইফালে অজয় দাসক হত্যা কৰাৰ লগত আৰু কেইবাজনো লোক জড়িত থকাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে । গতিকে অতি শীঘ্ৰে উচ্চ পৰ্যায়ৰ তদন্ত কৰি হত্যাকাৰী আৰু হত্যাৰ লগত জড়িত সকলো লোকক গ্ৰেপ্তাৰ কৰি ফাঁচীৰ দাবী তুলিছে অজয় দাসৰ পৰিয়ালে।

অৱশ্যে হত্যাকাৰী শিবু বৈশ্যক গোচৰ নম্বৰ 25/2023 under section 342/302/34 IPC ৰুকচিন আৰক্ষীয়ে গোচৰ ৰুজু কৰি বুধবাৰে নিশাই জেইল হাজোতলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক: Assamese lady held hostage In Nigeria : বিদেশ ভ্ৰমণেই কাল হ’ল অসমৰ এইগৰাকী মহিলাৰ !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.