Municipality Raid : লালগনেশত মিঠাই দোকানৰ বিৰুদ্ধে পৌৰ নিগমৰ অভিযান - Raids against sweet shops

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 2, 2023, 6:12 PM IST

গুৱাহাটী,২ জুলাই: আপুনি বাৰু মিঠাই খাই ভাল পাই নেকি ? এতিয়াৰ পৰা মিঠাই খোৱাৰ আগত দহবাৰ ভাৱক । আপুনি ভাবিৱ নোৱাৰিব কি পৰিৱেশত প্ৰস্তুত কৰা হয় আপুনি মই খাই ভাল পোৱা সুস্বাদু মিঠাই । মহানগৰীৰ এটা কদৰ্যময় মিঠাই কাৰখানাত অস্বাস্থ্যকৰ পৰিৱেশত মিঠাই প্ৰস্তুত কৰা দেখিলে চকু কঁপালত উঠিব আপোনাৰো ।  

জনসাধাৰনৰ স্বাস্থ্যৰ লগত হেতালি খেলা এনে খাদ্য বস্তুৰ লগত জড়িত কাৰখানা তথা বিপণিসমূহৰ বিৰুদ্ধে সময়ে সময়ে তীব্ৰ অভিযান চলাই আহিছে গুৱাহাটী পৌৰ নিগমে । বিগত দিনসমূহৰ দৰে শনিবাৰৰ দিনটোতো মহানগৰীৰ জ্যোতিকুচিত গুৱাহাটী পৌৰ নিগমে চলাই অভিযান । ‘কানহা জি চুইটচ’ নামৰ মিঠাই বিপণিখনৰ কাৰখানাত চলাই এই অভিযান ।  

দুৰ্গন্ধময় তথা কদৰ্যময় পৰিৱেশত মিঠাই প্ৰস্তুত কৰাৰ অভিযোগত পাই চলাই এই অভিযান । উল্লেখ্য যে বিপণিখনৰ স্বত্বাধিকাৰী হৈছে পংকজ পণ্ডিত । কাৰাখানাটোৰ পৰিৱেশ দেখি আচৰিত হৈ পৰে খোদ পৌৰ নিগমৰ অভিযানকাৰী বিষয়া । ইতিমধ্যে পৌৰ নিগমে চিল কৰি দিয়ে বিপনীখনৰ লগতে কাৰাখানাটো । লগতে জব্দ কৰে মিঠাই প্ৰস্তুতকৰণৰ সকলো সামগ্ৰী । উল্লেখ্য যে, ট্ৰেড লাইচেঞ্চ অবিহনে দীৰ্ঘদিন ধৰি ব্যৱসায় চলোৱাৰো অভিযোগ আছে বিপণিখনৰ বিৰুদ্ধে । 

লগতে পঢ়ক: Vegetable price hike: মহঙা হ’ল শাক-পাচলি; 100 টকাৰ তলত বজাৰত একোৱেই নাই

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.