thumbnail

By

Published : Jun 11, 2023, 5:32 PM IST

ETV Bharat / Videos

ধেমাজিত মুগা পালকৰ দুদৰ্শা; বৰষুণ নোহোৱাৰ বাবে মৰিছে শ শ মুগা পলু

ধেমাজি , 11 জুন: এফালে বিধ্বংসী ধুমুহা আনফালে আকৌ খৰাঙৰ বাবে মূৰে কপালে হাত দিছে এতিয়া মুগা পলু পালকে ৷ ধেমাজিৰ মাছখোৱা অঞ্চলত বহু লোকে মুগা পলু পালন কৰিয়েই পৰিয়াল পোহ পাল দি আহিছে ৷ বতৰৰ ওপৰত নিৰ্ভৰশীল বহু লোকে এইবাৰ নিজৰ চোমনি বাৰীত মুগা পলুক পানী যোগান ধৰিব পৰা নাই ৷ ফলত প্ৰখৰ ৰ’দৰ বাবে পানীৰ অভাৱত মৃত্যু মুখত পৰিছে শ শ মুগা পলু ৷ 

ধেমাজি মাছখোৱা চৌখাম গাঁৱৰ মুগা পালকসকলে লাভৰ সলনি মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ কিন্তু আচৰিত কথা যে, চৰকাৰৰ এটা বিয়াগোম বিভাগ থকাৰ পাচতো মুগা পলু খেতিয়কৰ খবৰ নলয় আৰু পৰ্যাপ্ত সা-সুবিধাৰ পৰা বঞ্চিত মুগা পলু পালকসকল ৷ অথচ বিভাগীয় বিষয়া কৰ্মচাৰীসকলে কাৰ্যালয়তে বহি চাহৰ জুতি লৈ আদ্দা মাৰি মাহেকত মোটা দৰমহা লৈ আৰামদায়ক জীৱন কটাই আহিছে বুলি অভিযোগ তুলিছে ভুক্তভোগী মুগাপালকে ৷ 

লগতে পঢ়ক:Assam earthquake : অসমত 3.6 প্ৰাৱল্যৰ ভূমিকম্প, অভিকেন্দ্ৰ শোণিতপুৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.