thumbnail

By

Published : Jun 11, 2023, 9:15 PM IST

ETV Bharat / Videos

MPTheater inaugurated: হাফলং হ্ৰদৰ ওপৰত এমপিথিয়েটাৰ উদ্বোধন

হাফলং, ১১ জুন: অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ সদৰ চহৰ হাফলঙত শনিবাৰ নিশা এমপিথিয়েটাৰৰ উদ্বোধন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচাই (MPTheater inaugurated on Haflong lake) । প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হাফলং হ্ৰদৰ ওপৰত এই এমপিথিয়েটাৰৰ নিৰ্মাণ কৰা হয় ।  

ডিমা হাছাও জিলা হৈছে অসমৰ অন্যতম আকৰ্ষণীয় এক পৰ্যটনস্থলী । দেশ-বিদেশৰ পৰ্যটকসকল আহে ডিমা হাছাও জিলাৰ প্ৰাকৃতিক উপভোগ কৰিবলৈ । এই পৰ্যটকসকলে যাতে এই এমপিথিয়েটাৰত পাহাৰীয়া জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত লোক-সংস্কৃতিৰ লগতে পৰিচিত হ'ব পাৰে তাৰ বাবে এথেনিক ফিউজন নামৰ এক অনুষ্ঠান আৰম্ভ কৰা হয় শনিবাৰৰ পৰা ।  

ডিমা হাছাও জিলাৰ Cultural Affairs Department আৰু Ethnic Fusion Celebration Committee ৰ উদ্যোগত প্ৰতি মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে এই এমপিথিয়েটাৰত ডিমা হাছাও জিলাৰ বিভিন্ন জনগোষ্ঠীৰ শিল্পীসকলে নিজৰ কলা-সংস্কৃতি আৰু সংগীত নৃত্য প্ৰদৰ্শন কৰিব ।  

প্ৰতি মাহৰ শনিবাৰে এই এমপিথিয়েটাৰত বাহিৰৰ পৰা অহা পৰ্যটকসকলে এনে ধৰণৰ অনুষ্ঠান উপভোগ কৰাৰ বাহিৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ এথেনিক খাদ্যৰ সোৱাদ ল'ব পাৰিব । শনিবাৰ নিশা এই এমপিথিয়েটাৰ উদ্বোধন হোৱাৰ পিচতে জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ শিল্পীসকলে তেওঁলোকৰ পৰম্পৰাগত লোক-সংস্কৃতিৰ অনুষ্ঠান উপস্থাপন কৰাৰ লগতে চিকিমৰ পৰা অহা জনপ্ৰিয় শিল্পী উগেন নাছিয়ালে ভূটিয়া সংগীত পৰিৱেশন কৰে । 

লগতে পঢ়ক: Assam earthquake : অসমত 3.6 প্ৰাৱল্যৰ ভূমিকম্প, অভিকেন্দ্ৰ শোণিতপুৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.