চৰকাৰে আলী-মহম্মদক আটক কৰিয়েই ড্ৰাগছ বিৰোধী অভিযান অব্য়াহত ৰাখিছে : প্ৰদ্যুৎ বৰদলৈ - Anti Drugs Mission in Assam
🎬 Watch Now: Feature Video
Published : Dec 8, 2023, 4:28 PM IST
নগাঁও, ৮ ডিচেম্বৰ :মধ্য অসমৰ প্ৰাণকেন্দ্ৰ স্বৰূপ নগাঁৱত বৃদ্ধি পোৱা ড্ৰাগছৰ অবাধ প্ৰচলনক লৈ উদ্বিগ্ন হৈছে সাংসদ প্ৰদ্যুৎ বৰদলৈ । ৰাজ্যৰেই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতেই নগাঁৱত সৰ্বাধিক ড্ৰাগছৰ প্ৰচলন হোৱা বুলি মন্তব্য় কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । সম্প্ৰতি নগাঁও ড্ৰাগছৰ এক প্ৰকাৰ হাব হিচাপে পৰিণত হোৱা বুলিও কয় সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।
তেওঁ কয় যে সম্প্ৰতি ড্ৰাগছ বিৰোধী অভিযানৰ নামত আৰক্ষী প্ৰশাসনে কেৱল আলী, মহম্মদ উপাধিৰ দুই এজনক আটক কৰিয়েই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰখা বুলি দেখুৱাব বিচাৰিছে । কেৱল আলী, মহম্মদক আটক কৰিয়েই ড্ৰাগছ বিৰোধী অভিযান সীমাবদ্ধ নাৰাখিবলৈ একপ্ৰকাৰ সকীয়নী দিয়ে প্ৰদ্যুৎ বৰদলৈয়ে । সাংসদগৰাকীয়ে কেৱল চমক সৃষ্টি কৰা পদক্ষেপৰ বিপৰীতে আন্তৰিকতাত ড্ৰাগছ নিৰ্মূলৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায় ।
লগতে পঢ়ক:লোকসভা নিৰ্বাচনত অসমত ৬ খন আসনত কংগ্ৰেছক জয়ৰ স্বপ্ন দেখুৱাইছে আজমলে