thumbnail

Constituency delimitation: আছুৰ অসম চুক্তিত ভুল আছিল; নৱ শৰণীয়া

By

Published : Jun 29, 2023, 10:14 PM IST

বাক্সা, 29 জুন: সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত শেহতীয়াকৈ মন্তব্য প্ৰকাশ কৰিছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ তেওঁ কয় যে, এই প্ৰক্ৰিয়াই তেওঁক ক্ষতি কৰিব নোৱাৰে ৷ ভাৰতবৰ্ষৰ যি কোনো সমষ্টিতে নিৰ্বাচন খেলি জয় লাভ কৰাৰ ক্ষমতা আছে বুলি কয় সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ 

দাদা ব্ৰিগেডক সন্তুষ্ট কৰাৰ কাৰণে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি বৰ্তমানৰ চৰকাৰে হিন্দু মুছলিম ভাগ ভাগ কৰা বুলি অভিযোগ উঠাটো ভাল কথা হোৱা নাই ৷ জাগীৰোড সমষ্টি থাকিলে আগন্তুক দিনত নিৰ্বাচনত জয়লাভ কৰিব নোৱাৰিলেহেতেন মন্ত্ৰী পীযুষ হাজৰীকাই । এছ টিৰ জনসংখ্যা অধিক থকাৰ পাচতো মন্ত্ৰী পীযুষ হাজৰীকাৰ কাৰণে ডিমৰীয়াক এছ চি সমষ্টি কৰিছে চৰকাৰে ৷ 

শৰণীয়াই কয়, ‘‘আছুৰ অসম চুক্তি ভুল আছিল ৷ আছু আৰু আলফাৰ দুৰ্বলতাৰ সুযোগ লৈছে চৰকাৰে ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ে অসমীয়া ভাষা বিতাড়ণৰ বাবে লোৱা সিদ্ধান্তক মানি নলয় সাংসদ নৱকুমাৰ শৰণীয়াই ৷ বড়োলেণ্ড বিশ্ব বিদ্যালয়ৰ এই ল’ৰা ৰজাৰ সিদ্ধান্ত বাতিল নকৰিলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ইয়াৰ ফল পাব লাগিব বুলি মন্তব্য কৰে কোকৰাঝাৰৰ সাংসদগৰাকীয়ে।

লগতে পঢ়ক: constituency delimitation: শুকুৰবাৰে প্ৰতিবাদেৰে শিৱসাগৰ কঁপাব ৰাইজৰ লগতে বিৰোধী শিৱিৰে !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.