Kamakhya Prasad Tasa on Delimitation : সমষ্টি পুনৰ নিৰ্দ্ধাৰণ সন্দৰ্ভত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিক্ৰিয়া - সাংসদ কামাখ্যা প্ৰসাদ তাছা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 21, 2023, 2:26 PM IST

নগাঁও, 21 জুন: ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্দ্ধাৰণক লৈ নিৰ্বাচন আয়োগে মঙলবাৰে খচৰা প্ৰকাশ কৰাৰ পাছতেই শাসক-বিৰোধী উভয় পক্ষৰ নেতাই এই সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ বিৰোধী ৰাজনৈতিক দল সমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সময়তে বুধবাৰে নগাঁৱত নিজৰ মত ব্যক্ত কৰে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷  

সমষ্টি পুনৰ্নিদ্ধাৰণ সন্দৰ্ভত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই কয় যে, নিৰ্বাচন আয়োগ এটা স্বতন্ত্ৰ আয়োগ ৷ নিৰ্বাচন আয়োগে স্বতন্ত্ৰভাৱে কাম কৰে ৷ নিশ্চয় সকলো দিশ চিন্তা-চৰ্চা কৰিয়েই এই খচৰা প্ৰস্তুত কৰিছে আয়োগে ৷ সমষ্টি পুনৰ্নিদ্ধাৰণে খিলঞ্জীয়াৰ ক্ষতি নকৰে বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে৷  

তেওঁ আৰু কয় যে, কংগ্ৰেছে উচ্চতম ন্যায়ালয়লৈ যাব বিছাৰিছে যাওক ৷ সাধাৰণ ৱাৰ্ড এটা সলনি হ'লেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ সমষ্টি সলনি হ’লে নিশ্চয় প্ৰতিক্ৰিয়া হ'ব ৷ জনবিন্যাস অনুসৰি সমষ্টি পুনৰ ৰ্নিদ্ধাৰণ হৈছে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে সাংসদগৰাকীয়ে ৷

লগতে পঢ়ক: Delimitation Exercise in Assam: নিৰ্বাচন আয়োগৰ সিদ্ধান্তক অত্যন্ত দুৰ্ভাগ্যজনক আৰু ষড়যন্ত্ৰমূলক আখ্যা লুৰীণজ্যোতি গগৈৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.