প্ৰথম টীয়ক গ্ৰন্থমেলাৰ শেষৰ দিনাৰ কাৰ্যসূচীত সাংসদ গৌৰৱ গগৈ - কলিয়াবৰ সমষ্টিৰ সাংসদ কংগ্ৰেছ নেতা গৌৰৱ গগৈ
🎬 Watch Now: Feature Video


Published : Dec 26, 2023, 8:45 PM IST
টীয়ক, 26 ডিচেম্বৰ : টীয়ক প্ৰেছ ক্লাৱৰ উদ্যোগত তথা সমূহ টীয়কবাসীৰ সহযোগত ২২ ডিচেম্বৰৰ পৰা পাঁচদিনীয়াকৈ টীয়ক হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত কৰা হয় প্ৰথম টীয়ক গ্ৰন্থমেলা ৷ প্ৰথম টীয়ক গ্ৰন্থমেলাৰ মঙলবাৰে আছিল শেষৰটো দিন ৷ প্ৰথম টীয়ক গ্ৰন্থমেলাৰ বাকৰিত আজি শেষৰ দিনাৰ কাৰ্যসূচীত কলিয়াবৰ সমষ্টিৰ সাংসদ কংগ্ৰেছ নেতা গৌৰৱ গগৈ উপস্থিত হৈ টীয়কৰ দৰে অঞ্চলত এইদৰে সুন্দৰভাৱে গ্ৰন্থমেলা আয়োজন কৰাৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ।
বিগত চাৰিটা দিনৰ কাৰ্যসূচী অতি সুন্দৰ হৈছে বুলি মন্তব্য কৰি আগলৈও এইদৰে সমগ্ৰ অঞ্চলতে কিতাপ পঢ়াৰ পৰিৱেশ গঢ়ি তুলি উঠি অহা প্ৰজন্মক এক সুস্থ পৰিৱেশ গঢ়ি দিবলৈ টীয়কবাসীক আহ্বান জনাই সাংসদ গৰাকীয়ে । উক্ত কাৰ্যসূচীত অসম কংগ্ৰেছৰ সম্পাদিকা পল্লবী গগৈ, জ্যেষ্ঠ কংগ্ৰেছ নেতা পুতুল বুঢ়াগোহাঁইকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ।
লগতে পঢ়ক : কংগ্ৰেছ দল গাঁৱৰ পৰা জন্ম হোৱা এটা ঐতিহাসিক দল: গৌৰৱ গগৈ