MP Gaurav Gogoi : অসমত এখন ঘৰতেই আছে মোদী-আদানি; গৌৰৱ গগৈ

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 4:15 PM IST

thumbnail

গুৱাহাটী, ৫ অক্টোবৰ: "কংগ্রেছ শাসনলৈ আহিলে ২০০ ইউনিট বিজুলী বিনামূলীয়া কৰা হ'ব ৷ তেওঁ কয়, অসমৰ ৰাইজে জাতি-মাটিৰ বাবে বিজেপিক ভোট দিছিল ৷ কিন্তু এতিয়া জাতি মানে মুখ্যমন্ত্ৰীৰ ATM, মাটি মানে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মাটি ৷" এই মন্তব্য কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈৰ ৷ মহানগৰীত কংগ্ৰেছৰ এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে নেতাজনে ৷

বিদ্যুতৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত গুৱাহাটীত বৃহস্পতিবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো সম্বলিত এখন বেনাৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ কাৰ্যসূচীত অংশ লৈ কংগ্ৰেছৰ সাংসদ গৌৰৱ‌ গগৈয়ে অসমত বিদ্যুতৰ মাচুল‌ বৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

তেওঁ লগতে কয় যে দিল্লীত মোদী আৰু আদানিৰ দুখন ঘৰ ৷ অসমত কিন্তু এখন ঘৰতেই আছে মোদী-আদানি ৷ বিজেপি মানে এতিয়া মূল্যবৃদ্ধি, নিবনুৱা সমস্যা ৷ গগৈয়ে কয় যে, কেৱল কংগ্ৰেছতহে আছে আশাৰ ৰেঙণি ৷ আমাৰ চৰকাৰ আহিলে কোম্পানী খুলিব নিদিওঁ ৷ ১৫ বছৰ মোৰ পিতৃ মুখ্যমন্ত্ৰী থাকোতে বহুতে আমাক কোম্পানী খুলিব কৈছিল ৷‌ কিন্তু কোনোৱে‌ কোম্পানী খোলা নাছিলো ৷ কোনো ঠিকাও কৰা নাছিলো ৷ আমাৰ চৰকাৰ আহিলে মোৰ পুত্ৰৰ নামটো কোম্পানী নোখোলো বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷ 

লগতে পঢ়ক : Congress protest against BJP Govt : বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে তেজপুৰত কংগ্ৰেছৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.