MP Gaurav Gogoi slams govt : বিজেপিৰ প্ৰতি এ আই ইউ ডি এফৰ মৰমেই মৰম; গৌৰৱ গগৈ - Gaurav Gogoi on price hike
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-17772991-thumbnail-4x3-gau-08-aspera.jpg)
কলিয়াবৰ,১৬ ফেব্ৰুৱাৰী : পুনৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ কলিয়াবৰৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ । ভাৰতীয় জনতা পাৰ্টীক বুলড'জাৰ পাৰ্টী আখ্যা সাংসদগৰাকীৰ (MP Gaurav Gogoi slams BJP govt)। ৰাজ্যৰ ভিন্ন প্ৰান্তত চলি তথা উচ্ছেদ আৰু বৰ্তমানেও লাওখোৱা বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত চলি থকা উচ্ছেদৰ প্ৰসংগত সাংসদগৰাকীয়ে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে (Laokhowa Burachapori eviction)।
ইফালে বিজেপিৰ লগতে এআইইউডিএফ দলকো সমালোচনা কৰে সাংসদগৰাকীয়ে (Gaurav Gogoi slams AIUDF)। গৌৰৱ গগৈৰ মতে বিজেপিৰ 'বি' টীম হোৱাতকৈ বিজেপিৰ সৈতে মিত্ৰতা কৰক এআইইউডিএফে দলে ।
উল্লেখ্য যে বৃহস্পতিবাৰে কলিয়াবৰত সাংসদ পুঁজিৰ উন্নয়ন আঁচনিৰ অধীনত জয়ন্তীপুৰৰ বৰ মছজিদৰ কাষত সামূহিক ভৱনৰ আধাৰশিলা স্থাপন কৰে সাংসদ গৌৰৱ গগৈয়ে । আধাৰশিলা স্থাপনৰ কাৰ্যসূচীতে সাংসদগৰাকীয়ে ভাষণ প্ৰসংগত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক কঠোৰ সমালোচনা কৰে । তেওঁৰ মতে বৰ্তমান দেশত ৰজাৰ শাসন চলিছে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি তেওঁ কয় যে, এজন ৰজাই নিজ ইচ্ছাৰে অসম চলাইছে আৰু আনজনে দিল্লী চলাইছে । কংগ্ৰেছৰ দিনত আদানিক মানুহে চিনি পোৱা নাছিল । কিন্তু বিজেপিয়ে আদানিক বৰপীৰা পাৰি দিলে বুলি তেওঁ অভিযোগ কৰে (Gaurav Gogoi reacts over Adani group controversy)। বাল্যবিবাহৰ প্ৰসংগত তেওঁ কয় এই অপৰাধৰ ন্যায় যেন মুখ্যমন্ত্ৰীৰ ইচ্ছাৰ দৰে হৈছে ।
ৰাজ্যত পেট্ৰ'ল, ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈও সৰৱ হৈ পৰে সাংসদ গৌৰৱ গগৈ (Gaurav Gogoi on price hike)। তেওঁৰ অভিযোগ বাস্তৱত ভাল দিন দুখীয়াৰ বাবে অহা নাই কেৱল ধনী মানুহৰ হে আহিছে । দেশত নৰেন্দ্ৰ মোডীৰ চৰকাৰ অহা পাচত এটা এটা ৰাজহুৱা সামগ্ৰী পুঁজিপতিৰ হাতত বিক্ৰী কৰিছে বুলিও তেওঁ উদ্বেগ প্ৰকাশ কৰে । ইয়াৰ উপৰিও অসমৰ বিভিন্ন প্ৰসংগত বিজেপি চৰকাৰৰ ভূমিকাক লৈ সাংসদগৰাকীয়ে বিভিন্ন প্ৰশ্ন উত্থাপন কৰে ।
লগতে পঢ়ক :TMC slams Assam govt : শিৱসাগৰত উন্নতমানৰ চিকিৎসালয় স্থাপনৰ দাবী তৃণমূল কংগ্ৰেছৰ