thumbnail

By

Published : Jan 6, 2023, 8:03 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

Constituency Delimitation; জিলা বিলুপ্তিকৰণ-নতুন সমষ্টি নিৰ্ধাৰণৰ প্ৰক্ৰিয়া বৃটিছ শাসনৰ পৰিপূৰক: গৌৰৱ গগৈ

‘‘অসমৰ জিলা বিলুপ্তিকৰণৰ প্ৰক্ৰিয়াটো বৃটিছ শাসনৰ পৰিপূৰক ৷ চৌধ্যখন জিলাৰ সীমাক লৈ বৰ্তমান চৰকাৰখনে যিধৰণে জল্পনা-কল্পনা কৰিছে, সেই চিন্তাই সাধাৰণ জনতাৰ কোনো উপকাৰ নকৰে । সাধাৰণ ৰাইজৰ কোনো মন্তব্য বা পৰামৰ্শ গ্ৰহণ নকৰাকৈয়ে চৰকাৰে জিলা বা সমষ্টিৰ সীমা নিৰ্দ্ধাৰণ কৰিবলৈ ওলাইছে সেয়া বৃটিছ শাসনৰ স্বেচ্ছাচাৰিতাৰ নিদৰ্শন । সমষ্টিৰ নতুন সীমা নিৰ্দ্ধাৰণৰ বৰ্তমানৰ প্ৰক্ৰিয়াটোয়েই ভুল ৷’’ শুকুৰবাৰে কলিয়াবৰত ভানু সমিতিৰ সোণালী জয়ন্তী উৎসৱত অংশগ্ৰহণ কৰি সাংবাদিকৰে হোৱা বাৰ্তালপত এই মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে (MP Gaurav Gogoi reacts constituency delimitation and district abolition) ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.