Bihu controversy :দুই এটা সৰু ঘটনাই বিহুক ম্লান কৰিব নোৱাৰে:সাংসদ দিলীপ শইকীয়া - Bihu at G20 summit

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 3:09 PM IST

ৰঙিয়া, ১৩ ছেপ্টেম্বৰঃ বিহু বিকৃতকৰণ সন্দৰ্ভত বৰ বেছি বিতৰ্ক কৰাৰ প্ৰয়োজন নাই বুলি মন্তব্য় কৰিলে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই । জি ২০ সন্মিলনত বিহু বিকৃতকৰণ সন্দৰ্ভত মঙলবাৰে ৰঙিয়াত সাংসদ দিলীপ শইকীয়াই মন্তব্য আগবঢ়াই কয় যে ১১ হাজাৰ নাচনীয়ে বিহু নাচি "গ্ৰীণিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড" গঢ়াৰ পিছত এনেকুৱা দুই এটা সৰু ঘটনাই বিহুক ম্লান কৰিব নোৱাৰে । এই গোটেই ঘটনাটো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পৰ্যবেক্ষণ কৰি থকা বুলি তেওঁ কয় ।  

ইফালে, চৰকাৰে মাইক্ৰ' ফাইনেন্সৰ পৰা মহিলাসকলক ঋণমুক্ত কৰিব বুলি ঘোষণা কৰাৰ পিছতো একাংশ মহিলাক বেংকে চমন দিয়া সন্দৰ্ভত সাংসদগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ শৰ্মাই কোৱাৰ পিছত এইবোৰ কথা চিন্তা কৰিব নালাগে । এনেকুৱা ঘটনা দুই-এদিনৰ ভিতৰত সকলো ঠিক হৈ যাব বুলি তেওঁ কয় । আনহাতে, এক দেশ এক নিৰ্বাচন সন্দৰ্ভতো সাংসদগৰাকীয়ে মন্তব্য় কৰি কয় যে দেশৰ উন্নয়নৰ বাবেই এই নীতি মানিব লাগে । নিৰ্বাচনৰ বাবে হোৱা বৃহৎ ব্যয় ৰোধ কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক:Assam Cabinet: বড়ো অধ্যুষিত ৪১খন গাঁও অন্তৰ্ভুক্ত কৰা হ'ব বিটিআৰত; ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.