Badruddin Ajmal: বিজেপি আৰু কংগ্ৰেছ ভাই ভাই : বদৰুদ্দিন আজমল
🎬 Watch Now: Feature Video
Published : Oct 27, 2023, 7:59 PM IST
কৰিমগঞ্জ, 27 অক্টোবৰ : বিলাসীপাৰাত শুকুৰবাৰে অনুষ্ঠিত হোৱা এক বিশাল জনসভাত অংশগ্ৰহণ কৰে AUIDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে ৷ পশ্চিম বিলাসীপাৰা সমষ্টিৰ শৌলমাৰীত আয়োজিত এই বিশাল জনসভাত অংশগ্ৰহণ কৰি সাংসদ আজমলে কংগ্ৰেছৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক তীব্ৰ সমালোচনা কৰে ৷
তেওঁ কয় যে, বিজেপি আৰু কংগ্ৰেছ ভাই ভাই ৷ মুখ্যমন্ত্ৰীয়ে ৰাতি যি মন্তব্য কৰে কংগ্ৰেছে দিনত এই একেটা মন্তব্যই দিয়ে ৷ কংগ্ৰেছক কটাক্ষ কৰি সাংসদ আজমলে কয় "বদৰুদ্দিন যদি ইয়াত থাকে, তেন্তে কংগ্ৰেছৰ দিন শেষ ৷ কংগ্ৰেছে আৰু ভিক্ষা নাপায় ৷ কংগ্ৰেছে ধুবুৰী, কৰিমগঞ্জ আৰু নগাঁৱত মেহনত কৰি কোনো লাভ নাই ৷ এই তিনিওটা ছীট AIUDF ৰ হাতত আছে ৷"
আজমলে কয় "অহা নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছৰ ডাব্বা খালী ওলাব ৷ যি দেখি ভূপেন বৰা বেহুচ হৈ পৰি যাব ৷" ইফালে 2024ৰ লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰদলে লাভ কৰিবলগীয়া আসন সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নত সাংসদ আজমলে কয় যে, "মুখ্যমন্ত্ৰী পি এইছ ডি হ'ব পাৰে, কিন্তু গণিতত একেবাৰেই দুৰ্বল ৷"
লগতে পঢ়ক : New CM office: বাস্তু শাস্ত্ৰ অনুসৰি মুখ্যমন্ত্ৰীৰ নতুন কাৰ্যালয় মুকলি; নাম দিলে লোকসেৱা ভৱন