thumbnail

চাৰিঠেঙীয়াৰ মুখত ৰাম নাম !

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 6:51 PM IST

নেশ্যনেল ডেস্ক, 14 ডিচেম্বৰ : ভগৱানৰ চৰণত ব্ৰতী দুই ভক্ত ৷ এই দুই ভক্তক দেখি চকু আঁতৰাই নিব পৰা নাই মন্দিৰৰ চৌহদত উপস্থিত আন ভক্তসকলে ৷ সকলোৱে হেঁপাহ পলুৱাই দুয়োৰে ভগৱানৰ প্ৰতি থকা ভক্তি উপভোগ কৰিছে ৷ এনে কি কৰিলে এই দুই ভক্তই চাও আহকচোন ৷

ঘটনাটো পুৰীৰ ৷ পুৰীস্থিত জগন্নাথ মন্দিৰ দৰ্শনৰ বাবে দৈনিক বহু দৰ্শনাৰ্থীয়ে ভিৰ কৰে ৷ শেহতীয়াকৈ এই মন্দিৰত ভগৱানৰ আশীষ বিচাৰি উপস্থিত হয় দুটি মৰমলগা নিগনি ৷ গৰাকীৰ সৈতে নিগনি দুটিয়ে ভগৱানৰ শ্ৰীচৰণত জনালে প্ৰাৰ্থনা ৷ কেৱল ইমানেই নহয় গৰাকীৰ সমানে সমানে নিগনি দুটাই জয় জগন্নাথ বুলিও ক’লে৷ সঁচাই প্ৰভূৰ লীলা অকল্পনীয় ৷ তেওঁ বিচাৰিলে সকলো সম্ভৱ ৷ মন্দিৰৰ প্ৰৱেশত দেখা গ’ল এই মনোমোহা দৃশ্য ৷

জয় জগন্নাথ বুলি উচ্চাৰণ কৰা দেখি মন্দিৰৰ পূজাৰীসকলৰ লগতে ভক্তসকলো আচৰিত হৈছিল ৷ গৰাকীৰ প্ৰতিটো কথাতে নিগনি দুটাই যেন উত্তৰ দিছিল ভিডিঅ’টো দেখিলে তেনে অনুভৱ  হয় ৷ এই দৃশ্য দেখি সকলোৱে আপ্লুত হৈ প্ৰভুৰ আশ্চৰ্য অনুভৱ কৰে । কিন্তু আটাইতকৈ আকৰ্ষণীয় দৃশ্যটো হ’ল নিগনি দুটাই তলমূৰ কৰি সেৱা কৰাৰ দৃশ্য ৷

তথ্য অনুসৰি, কলকাতাৰ এগৰাকী মহিলা ভক্ত এই দুটা নিগনিৰ সৈতে মন্দিৰলৈ আহিছিল । তেওঁ নিগনি দুটা ভালদৰে লালন-পালন কৰে । শীতৰ পৰা সুৰক্ষিত কৰিবলৈ শীতকালীন কাপোৰ পিন্ধাই আনিছে গৰাকীয়ে নিগনি দুটাক । ভিডিঅ'টো সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে আৰু মানুহে বহুত ভাল পাইছে । সকলোৱে প্ৰভুৰ অলৌকিকতা অনুভৱ কৰিছে ।

লগতে পঢ়ক : কেতিয়াবা দেখিছেনে ত্ৰিশ হাজাৰ টকীয়া মুৰ্গী ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.