চোৰক কৰায়ত্ত নকৰে পলাশবাৰী আৰক্ষীয়ে - allegation against Palashbari Police station

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 8:17 PM IST

মিৰ্জা, ৫ ডিচেম্বৰ: মটৰ চাইকেল চোৰৰ সকলো তথ্য দিয়াৰ পিচতো চোৰক কৰায়ত্ত নকৰে পলাশবাৰী আৰক্ষীয়ে । পলাশবাৰী থানাৰ অন্তৰ্গত পাৰ্লী গাঁৱৰ যুৱক পংকজ দাসৰ এ এছ ২৫ এছ ২৭২৪ নম্বৰৰ মটৰ চাইকেলখন যোৱা ৭ ছেপ্টেম্বৰৰ দিনা চুৰি হৈছিল । মটৰ চাইকেলখন চুৰি হোৱা ঠাইত চোৰৰ মবাইলটো আৰু ভোটাৰ কাৰ্ডখন উদ্ধাৰ হৈছিল । মটৰ চাইকেলখনৰ গৰাকী পংকজ দাসে লগে লগেইপলাশবাৰী থানাত চোৰৰ মবাইল আৰু ভোটাৰ কাৰ্ডখন দিয়াৰ লগতে এজাহাৰো দাখিল কৰে । ভোটাৰ কাৰ্ডত উল্লেখ থকা অনুসৰি চোৰটো বকো থানাৰ অন্তৰ্গত আলোকজাৰী গাঁৱৰ ৰজত আলিৰ পুত্ৰ ৱাহেদুৰ ৰহমান ।  

ভুক্তভোগীয়ে কৰা অভিযোগ অনুসৰি  সকলো তথ্য থকাৰ পিচতো তিনি মাহ ধৰি একো ব্যৱস্থা গ্ৰহণ কৰা নাই পলাশবাৰী আৰক্ষীয়ে । আনকি ভুক্তভোগী যুৱকজনে কামৰূপ আৰক্ষী অধীক্ষকক লগ কৰি ঘটনাৰ বিবৰণী লিখিতভাৱে জনোৱাত আৰক্ষী অধীক্ষকে পলাশবাৰী আৰক্ষীক বিষয় সন্দৰ্ভত ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল । কিন্তু এতিয়ালৈ পলাশবাৰী আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে ভুক্তভোগী যুৱকজনে । এতিয়া প্ৰতি মাহে মটৰ চাইকেলখনৰ মাহিলী কিস্তিৰ ধন পাঁচ হাজাৰকৈ দি থাকিব লগা হোৱাত অসহায় হৈ পৰিছে যুৱকজন ।

লগতে পঢ়ক:২০২১ বৰ্ষৰ তুলনাত আধালৈ নামিছে নাৰীজনিত অপৰাধৰ সংখ্যা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.