Dead body recovered: বন্ধ কোঠাৰ ভিতৰত মাতৃ-কন্যাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ

By

Published : Aug 14, 2023, 4:42 PM IST

thumbnail

ৰঙিয়া, 14 আগষ্ট : ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ মাতৃ-কন্যাৰ উৱলি যোৱা মৃতদেহ । ৰঙিয়া নগৰৰ ৪ নং ৱাৰ্ডৰ শিৱ মন্দিৰৰ সমীপৰ এটা অট্টালিকাৰ কোঠাত উদ্ধাৰ হৈছে মৃতদেহ দুটা । মৃত দুগৰাকী কণিকা আগৰৱালা আৰু নিশা আগৰৱালা ওৰফে পিনু বুলি চিনাক্ত কৰা হৈছে । মৃতদেহ দুটাৰ কাষত তেজৰ ডোঙা বান্ধি থকা পৰিলক্ষিত কৰিছে ৷  

মৃত কণিকা আগৰৱাল ৰঙিয়া ইউক্লিড গ্ৰুপ অফ প্ৰতিষ্ঠানৰ ছাত্ৰী আছিল । এই ঘটনাৰ পিচতে আত্মীয়ই এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে  । বিগত বহু দিন ধৰি উৱলি যোৱা মৃতদহ দুটাৰ লগতে বসবাস কৰি আছিল স্বামী প্ৰবীণ আগৰৱালাই । ওচৰ চুবুৰীয়াই দুয়োকে নেদেখি প্ৰবীণ আগৰৱালাক সোধাত তেওঁ পত্নী আৰু কন্যা অসুস্থ হৈ থকা বুলিও কৈছিল ৷

এই ঘটনাৰ পিচতে সোমবাৰে পুৱাৰ ভাগত পূজা কৰি নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন খুলি সন্ধানহীন হৈ আছে প্ৰবীণ আগৰৱালা । সম্প্ৰতি এই ঘটনাক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে স্থানীয় লোকে । 

প্ৰকৃততে যদি এয়া পৰিকল্পিত হত্যাকাণ্ড হয় তেন্তে কোনে কি কাৰণত এই হত্যাকাণ্ড সংঘটিত কৰিলে সেয়া এতিয়াও অস্পষ্ট । আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰিছে । ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: Children throws into Water: সুৰামত্ত CISF জোৱানে পানীত দলিয়ালে তিনি শিশুসহ কিশোৰক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.