thumbnail

Protest in Tinsukia: ধৰ্ষিতা কিশোৰীৰ মাতৃৰ আত্মহনন, গৰু বিহুৰ গধুলি উত্তপ্ত পৰিস্থিতি

By

Published : Apr 15, 2023, 6:05 PM IST

তিনিচুকীয়া, ১৪ এপ্ৰিল: ৰঙালী বিহুৰ আনন্দৰ মাজতেই তিনিচুকীয়াত ভয়াৱহ ঘটনা সংঘটিত হৈছে (Protest in Tinsukia)৷ ধৰ্ষণৰ বলি হোৱা এগৰাকী ১৩ বছৰীয়া কিশোৰীয়ে ন্যায় নোপোৱাত মাতৃয়ে চিপ লৈ আত্মহত্যা কৰা ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ (Rape victim mother suicide) ৷ 

ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা ইংৰাজী ২০ মাৰ্চ তাৰিখে তিনিচুকীয়া জিলাৰ বৰডুবি আৰক্ষী থানাৰ অন্তৰ্গত কাটানি গাঁৱৰ নিবাসী জনৈক প্ৰজাৰ ১৩ বছৰীয়া কন্যা সন্তানক ৫৩ বছৰীয়া সমুদ্ৰ ৰায় নামৰ এগৰাকী লোকে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল । কিন্তু পৰৱৰ্তী পৰ্যায়ত এই নৰপিশাচটোক স্থানীয় আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাত স্থানীয় দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল (Protest demanding justice of a Rape victim) ।  

ইফালে দিনৰ ওপৰি দিন উকলি যোৱাৰ পাচতো ভুক্তভোগী পৰিয়ালটোৱে ন্যায় নোপোৱাত কিশোৰীগৰাকীৰ ৪৫ বছৰীয়া মাতৃয়ে শুকুৰবাৰে আত্মহননৰ পথ বাছি লয় । এই ঘটনাৰ খবৰ পোৱাৰ পিচতে স্থানীয় শ শ ৰাইজে ওলাই সন্ধিয়া বাহাদুৰ চাৰিআলি ঘাইপথ অৱৰোধ কৰাৰ লগতে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে (Protest in Tinsukia)। অচিৰেই ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ নকৰিলে ইয়াৰ পৰিণাম অতিকৈ ভয়ংকৰ হোৱাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷ 

লগতে পঢ়ক: Rang Ghar Bihu: পহিলা ব'হাগত ঢোল পেঁপাৰ মাতত মুখৰিত হ’ল ৰংঘৰৰ বাকৰি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.