Operation Child Marriage: স্বামী-আত্মীয়ক মুক্তিৰ দাবীত থানাত তলা ওলোমালে পত্নী-আত্মীয়ই

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 4, 2023, 6:39 PM IST

Updated : Feb 6, 2023, 4:07 PM IST

বিলাসীপাৰা, ৪ ফেব্ৰুৱাৰী: বাল্যবিবাহৰ ঘটনাক লৈ ক্ৰমে উত্তপ্ত হৈ পৰিছে ৰাজ্য(Operation against child marriage in Assam) ৷ বিলাসীপাৰাত বিগত দুদিনত আৰক্ষীয়ে আটক কৰা বাল্যবিবাহৰ লগত জড়িত স্বামী তথা আত্মীয়ক মুুক্তিৰ দাবীত এইবাৰ ৰাজপথলৈ ওলাই আহিছে পত্নী-মাতৃ তথা আত্মীয়(Widow committed suicide to save her father from police ) ৷ স্বামী তথা আত্মীয়ক মুক্তিৰ দাবীত পথ অৱৰোধ কৰিছে এইসকল লোকে । স্বামী-আত্মীয়ক আটক কৰাত থানাৰ সন্মুখত কান্দোনৰ ৰোল উঠিছে পত্নী তথা আত্মীয়ৰ । ইয়াকে লৈ এতিয়া বিপদত পৰিছে বিলাসীপাৰা আৰক্ষী ৷

উল্লেখ্য যে, বাল্যবিবাহক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ স্থিতি আৰু নিৰ্দেশৰ পিছতেই অভিযান আৰম্ভ কৰিছিল অসম আৰক্ষীয়ে(Crackdown Against Child Marriage:) । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বিলাসীপাৰাতো আৰক্ষীয়ে অভিযান চলাই বাল্যবিবাহৰ লগত জড়িত থকাৰ অভিযোগত আটক কৰিছিল প্ৰায় ৪৪ জনকৈ লোকক । ঘটনাক লৈ বিলাসীপাৰাৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছিল হাহাকাৰ পৰিস্থিতি । আজি আৰক্ষীয়ে আটক কৰা ব্যক্তিসকলৰ পত্নী আৰু মাতৃয়ে স্বামী তথা পুত্ৰক মুকলিৰ দাবীত বিলাসীপাৰাৰ ৰাজপথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ।

প্ৰতিবাদী মহিলাসকলৰ পথ অৱৰোধ আৰু কান্দোনত নিৰূপায় হৈ পৰা বিলাসীপাৰা আৰক্ষীয়ে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰে । সকলোৰে দাবী- মোৰ স্বামী-পুত্ৰক এৰি দিয়ক । অন্যথা থানাৰ সন্মুখত আত্মহত্যা কৰিম । ইফালে আজি বাল্যবিবাহৰ লগত জড়িত থকাৰ অভিযোগত আটকাধীন ব্যক্তিসকলক মহকুমা আদালতত প্ৰেৰণৰ কথা আছিল ৷ কিন্তু আদালতলৈ তেওঁলোকক প্ৰেৰণৰ পূৰ্বে পত্নী আৰু মাতৃসকলে তলা লগায় বিলাসীপাৰা থানাত । বিলাসীপাৰাৰ সাধাৰণ ৰাইজৰ দাবী, পূৰ্বে বিবাহপাশত আবদ্ধ হৈ সংসাৰ কৰাখিনিক ৰেহাই দি এতিয়াৰ পৰা বাল্যবিবাহৰ ক্ষেত্ৰত কঠোৰ হওঁক চৰকাৰ ।

অৱশেষত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তাৰ মাজত বাল্যবিবাহৰ লগত জড়িত থকাৰ অভিযোগত আটকাধীন ব্যক্তিসকলক আদালতলৈ প্ৰেৰণ কৰে ৷ ইফালে ঘটনাস্থলীত আৰক্ষী তথা প্ৰশাসনৰ শীৰ্ষ বিষয়া উপস্থিত হৈ প্ৰতিবাদকাৰী পত্নী তথা মাতৃসকলক শান্ত কৰে(Violence in Bilasipara police station) ৷

লগতে পঢ়ক: Minister Atul Bora reaction on Child marriage: কেতিয়াবা ভাল কাম কৰিবলৈ গ'লে, বাধা আহিবই !

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.