তিনিমাহৰ পাচত যোৰহাটৰ শক্তি সদন মাতৃ-পুত্ৰৰ মিলন - আইন সেৱা প্ৰাধিকৰণ বিভাগে

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 7:10 PM IST

যোৰহাট, 7 ডিচেম্বৰ : অৱশেষত পৰিয়ালৰ সৈতে মিলন হ’ল আৰতি দেৱীৰ ৷ বহু দিনৰ মূৰত পৰিয়ালৰ সদস্যক কাষত পাই আবেগিক হৈ পৰে আৰতি দেৱী ৷ জানিব পৰা মতে, আৰতি দেৱীৰ ঘৰ বিহাৰৰ বেগুচৰাই জিলাত ৷

ঘটনাক্ৰমে পৰিয়ালৰ পৰা বিছিন্ন হৈ ৰে’লেৰে আহি পাইছিল যোৰহাটৰ মৰিয়নীত । তাৰ পাচত স্থানীয় লোকে মহিলাগৰাকীক গতাই দিয়ে আৰক্ষীৰ হাতত । জানিব পৰা মতে, মানসিকভাৱে কিছু অসুস্থ বৃদ্ধাগৰাকী । পৰৱৰ্তী পৰ্যায়ত মানসিকভাৱে কিছু অসুস্থ মহিলাগৰাকীক যোৰহাট নগৰৰ আশ্ৰয় গৃহত ৰখাৰ ব্যৱস্থা কৰা হয় ।

ইয়াৰ পাচতে বৃদ্ধাগৰাকীৰ বিহাৰৰ ঠিকনা উলিয়াবলৈ বহু চেষ্টা কৰে আইন সেৱা প্ৰাধিকৰণ বিভাগে । অৱশেষত বৃদ্ধাগৰাকীৰ ঠিকনা উলিয়াই বেগুচৰাই জিলাৰ আইন সেৱা প্ৰাধিকৰণৰ যোগেদি পৰিয়ালৰ লগত যোগাযোগ কৰা হয় । সেই অনুসৰিয়েই বৃহস্পতিবাৰে বিহাৰৰ পৰা তেওঁৰ পুত্ৰ আৰু আত্মীয় আহি যোৰহাটত উপস্থিত হয় ।

আইন সেৱাৰ বিষয়া আৰু আৰক্ষীয়ে প্ৰয়োজনীয় বিধি ব্যৱস্থা কৰি পৰিয়ালৰ লোকক গতাই দিয়ে বৃদ্ধাগৰাকীক । অসমীয়া গামোচা আৰু এখন এৰি চাদৰ দি বৃদ্ধাগৰাকীক বিদায় দিয়ে জিলা আইন সেৱাৰ বিষয়াই ।

লগতে পঢ়ক : বেংগালুৰুৰ জয়নগৰত উদ্ধাৰ 4 ফুট দৈৰ্ঘৰ ৮ কিলোগ্ৰাম ওজনৰ সুস্থ ঘঁৰিয়ালৰ পোৱালি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.