Morigaon Youth Weaver : তাঁতশালত সপোন ৰচিছে যুৱ তাঁতী ৰঞ্জিত মেধিয়ে

By

Published : Apr 2, 2023, 9:55 PM IST

thumbnail

মৰিগাঁও, 2 এপ্ৰিল : তাঁতশালত সপোন ৰচে অসমীয়া শিপিনীয়ে (Weaver in Assam) ৷ এতিয়া বিহুৰ বতৰ ৷ তাঁতৰ পাতৰ পৰা মূৰ তুলিবলৈ আহৰি নাই শিপিনীসকলৰ ৷ এই শিপিনীসকলৰ লেখীয়াকৈ বিহু বুলি ব্যস্ততা বাঢ়িছে মৰিগাঁও লাহৰীঘাটৰ এগৰাকী তাঁতীৰ ৷ নাম ৰঞ্জিত মেধি ৷ বয়ন শিল্পৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি তুলিবলৈ লাহৰীঘাটৰ তাঁতী ৰঞ্জিত মেধিয়ে (Morigaon Youth Weaver)৷

চহা গ্ৰাম্য জীৱনৰ চিৰ লগৰী এই তাঁতশিল্পতে মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ৰঞ্জিত মেধি নামৰ যুৱক জনে নিজকে মনোনিৱেশ কৰি ৰচিছে সোণালী সপোন ৷ বিচাৰি পাইছে জীৱন জীৱিকাৰ পথ ৷ 2014 চনতে স্নাতক ডিগ্ৰী লাভ কৰা ৰঞ্জিত মেধি নামৰ এই যুৱকজনে আজিৰ পৰা দুটা দশকৰ পূৰ্বে হাত দিছিল তাঁতশালৰ গৰকাত ।

তেতিয়া পৰাই ৰঞ্জিত মেধিয়ে আন শিপিনীসকলৰ দৰে গামোচা, মেখেলা-চাদৰ আদি বিভিন্ন বস্ত্ৰ তাঁতশালত বৈ উলিয়াবলৈ সক্ষম হৈছে (Morigaon Youth Weaver weaves Mekhela, Sador gamosha) ৷ তাঁতী ৰঞ্জিত মেধিয়ে বৈ উলিওৱা একোখন দৰা বৰণৰ গামোচাৰ দাম 2000 ৰ পৰা 2500 টকাত বিক্ৰী কৰাৰ বিপৰীতে সৰু ফুলৰ গামোচাত 250 পৰা 400 টকা পৰ্যন্ত বিক্ৰী কৰিছে ।

লগতে পঢ়ক : Jonai Youth Weaver : তাঁতশালত বহি সপোন ৰচিছে কণমানি ৰাজ পেগুৱে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.