Rangali Bihu Celebration: মৰাণৰ বৃদ্ধাশ্ৰমত ব'হাগ বিহুৰ ওলগনি অনুষ্ঠান মৰাণহাট প্ৰেছ ক্লাৱৰ
🎬 Watch Now: Feature Video
মৰাণ, 17 এপ্ৰিল: ৰঙালী বিহু উপলক্ষে মৰাণৰ বৃদ্ধাশ্ৰমত মৰাণহাট প্ৰেছ ক্লাবৰ ব্যতিক্ৰমী কাৰ্যসূচী ৷ মৰাণৰ কল্যাণ বৃদ্ধাশ্ৰমত ‘ব'হাগৰ ওলগনি অনুষ্ঠান’ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰি আশ্ৰমৰ ককা-আইতাসকলৰ সৈতে বিহু উদযাপন কৰিলে সাংবাদিকসকলে ৷ ব্যতিক্ৰমী এই অনুষ্ঠানত বৃদ্ধাশ্ৰমৰ আবাসীসকলৰ সৈতে মত-বিনিময়, আবাসীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসাৰ ব্যৱস্থা কৰে প্ৰেছ ক্লাৱে ( Rangali Bihu at Kalyan Ashram old age home) ৷
পদ্মা হেল্থ কেয়াৰ প্ৰতিষ্ঠানৰ সহযোগত বৃদ্ধাশ্ৰমৰ প্ৰায় 40 গৰাকী আবাসীক স্বাস্থ্য পৰীক্ষা কৰে চিকিৎসক ডাঃ চন্দ্ৰিকা চেতিয়াই (Moranhat Press Club organises Rangali Bihu) ৷ অনুষ্ঠানত সাংবাদিক আৰু অতিথিসকলৰ সৈতে ৰঙালীৰ আনন্দ ল'লে কল্যাণ আশ্ৰমৰ ককা-আইতাসকলে ৷ এই অনুষ্ঠানতে বিহুৱা প্ৰদীপ গগৈয়ে অনুষ্ঠানত কাঁহি ঘূৰোৱা নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে ৷ কাৰ্যসূচীত মৰাণ কল্যান আশ্ৰমৰ স্বত্তাধিকাৰী লতা টুডি, পদ্মা হেলথ কেয়াৰৰ স্বত্তাধিকাৰী ঘন ভূঞা, সাংস্কৃতিক কৰ্মী ৰাজীৱ গগৈ, আছু ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য অংকিত গগৈ, মৰাণহাট প্ৰেছ ক্লাৱৰ উপদেষ্টা তথা বতামৰা জাতীয় বিদ্যালয়ৰ অধ্যক্ষ প্ৰদীপ কুমাৰ সন্দিকৈকে ধৰি বহুসংখ্যক ব্যক্তিয়ে অংশগ্ৰহণ কৰে (Rangali Bihu Celebration at Moran) ৷
লগতে পঢ়ক: ULFA celebrated Bihu: পৰম্পৰা ৰক্ষা কৰি আলফা(স্বাঃ)ৰ শিবিৰত ব’হাগ বিহু পালন