নগাঁও : নিৰ্বাচন চমু চাপি অহাৰ লগে লগে নগাঁও জিলাৰ চামগুৰি সমষ্টি ক্ৰমাৎ উত্তেজিত হৈ পৰিছে । বিজেপি আৰু কংগ্ৰেছৰ সংঘাতৰ মাজতে এইবাৰ নিৰ্দলীয় প্ৰাৰ্থীও বিপদত পৰিছে । চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী মোছাব্বিৰ আহমেদক অপহৰণ কৰি আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । বৰ্তমান মোছাব্বিৰ আহমেদ নগাঁৱৰ এখন ব্যক্তিগত নাৰ্চিংহোমত চিকিৎসাধীন হৈ আছে ।
কংগ্ৰেছ জড়িত থকাৰ অভিযোগ
মোছাব্বিৰে অভিযোগ কৰা অনুসৰি শনিবাৰে নিশা ঘৰৰ পৰা মাতি আনি অচিনাক্ত লোকে তেওঁক গাড়ীত উঠাই লৈ যায় । গাড়ীৰ ভিতৰতে মোছাব্বিৰক আক্ৰমণ কৰাৰ কিছু সময় পাছতেই অচেতন হৈ পৰে বুলি সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে মোছাব্বিৰ আহমেদে । কিছু সময় পাছতেই মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হয় নিৰ্দলীয় প্ৰাৰ্থী মোছাব্বিৰ আহমেদ । কংগ্ৰেছ দলৰ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ বাবেই মোছাব্বিৰ আহমেদক কংগ্ৰেছীয়ে আক্ৰমণ কৰিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে মোছাব্বিৰ হুছেইনে ।
নিৰ্দলীয় প্ৰাৰ্থীক আক্ৰমণ
উল্লেখ্য যে, নগাঁও চহৰৰ সমীপৱৰ্তী কাটিমাৰী গ্ৰাণ্টৰ পথৰ দাঁতিত উদ্ধাৰ হয় মোছাব্বিৰ আলী আহমেদ নামৰ নিৰ্দলীয় প্ৰাৰ্থীগৰাকী । সংবাদ মাধ্যমক প্ৰাৰ্থীগৰাকীয়ে জনোৱা মতে চোটৰূপহীৰ বাসগৃহৰ সমৰ্থকৰ লগত আলোচনা কৰি থকা অৱস্থাতে ফোন কৰি অজ্ঞাত লোকে ঘৰৰ পদূলিলৈ তেওঁ মাতি আনিছিল ৷
ঘৰৰ পদূলিৰ পৰাই অজ্ঞাত লোকে বাহনত উঠাই লৈ গৈছিল নিৰ্দলীয় প্ৰাৰ্থীজনক । পিছত কাটিমাৰী গ্ৰাণ্টৰ পথৰ দাঁতিত মুমূৰ্ষু অৱস্থাত স্থানীয় লোকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে প্ৰাৰ্থীজনক ৷ সম্প্ৰতি নগাঁৱৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছে নিৰ্দলীয় প্ৰাৰ্থীজন । মোছাব্বিৰ আহমেদে সংখ্যালঘু ভোট বিভাজন কৰাৰ আশংকা কৰি নিৰ্বাচনৰ পৰা বিৰত থাকিবলৈ কংগ্ৰেছে ভাবুকি দিয়াৰো অভিযোগ উত্থাপন কৰিছে নিৰ্দলীয় প্ৰাৰ্থীজনে । চামগুৰিৰ উপ-নিৰ্বাচনকলৈ হোৱা এনে বিক্ষিপ্ত ঘটনাই এতিয়া ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
উল্লেখ্য যে ইয়াৰ পূৰ্বে চামগুৰি সমষ্টিত মাৰপিটৰ ঘটনা সংঘটিত হোৱাৰ উপৰিও একেটা নিশাই গুলীচালনাৰ ঘটনাও সংঘটিত হৈছিল । চৰম উত্তপ্ত পৰিৱেশৰ মাজতে চলিও আছে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ ।
লগতে পঢ়ক :প্ৰকৃততে কোনে চলাইছিল গুলী ?