গুৱাহাটী : নিৰ্বাচনী হিংসাই উত্তপ্ত কৰি তুলিছে চামগুৰি সমষ্টিৰ পৰিৱেশ । অহা ১৩ নৱেম্বৰত ৰাজ্যৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হ'ব উপনিৰ্বাচন । ইয়াৰ ভিতৰত কংগ্ৰেছৰ দুৰ্গ ৰূপে প্ৰতিষ্ঠিত চামগুৰি সমষ্টিটো উপনিৰ্বাচন অনুষ্ঠিত হ'ব ।
নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিশেষকৈ চামগুৰি সমষ্টি নিৰ্বাচনী হিংসাৰে উত্তপ্ত হৈ পৰিছে । যোৱানিশা নিৰ্বাচনী হিংসাই চৰম পৰ্যায় পাই আৰু সংঘটিত হয় গুলীচালনাৰ ঘটনা ।
বিজেপি বিধায়ক জিতু গোস্বামীৰ বাহনক লক্ষ্য কৰি কোনো দুৰ্বৃত্তই গুলীচালনাৰ ঘটনা সংঘটিত কৰে । এই ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে গুলীচালনাৰ এই ঘটনাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।
সামাজিক মাধ্যমযোগে নিজৰ প্ৰতিক্ৰিয়াত মুখ্যমন্ত্রীয়ে কয়, "বিধায়ক জিতু গোস্বামীক চামগুৰিত কংগ্ৰেছৰ সমৰ্থকে কৰা আক্ৰমণক তীব্ৰ গৰিহণা দিছো । এই একেই কংগ্ৰেছে সংবিধান সুৰক্ষা তথা সংবিধানক গৌৰৱেৰে মানি চলাটো দেখুৱায় । অথচ তেওঁলোকে আমাৰ কাৰ্যকৰ্তাসকলক আন্ধাৰৰ সুযোগ লৈ আক্ৰমণ কৰি হিংসাৰ আশ্ৰয় লৈছে আৰু সংবিধান উলংঘা কৰিছে । প্ৰকৃত প্ৰশ্নটো হ’ল, এই উপ-নিৰ্বাচনতে কংগ্ৰেছে ইমান ভয় খাইছে কিয় ?"
তেওঁ লগতে কয়, "আচলতে কেৱল পৰাজয়ৰ ভয়েই নহয়, তেওঁলোকৰ যিটো ভোটৰ মূল বেংক, সেই ভোটবেংক ধৰি ৰখাৰ বাবেই তেওঁলোক এনে চৰম পৰ্যায়লৈ গৈছে । আমি ন্যায় পাব লাগিব আৰু আমি কাকো আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক ভেঙুচালি বা ক্ষতিগ্ৰস্ত কৰিবলৈ নিদিওঁ ।"
উল্লেখ্য যে, চামগুৰিৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাই শনিবাৰে নিশা চৰম পৰ্যায় পাইগৈ । চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি সংঘটিত হয় গুলীচলানাৰ দৰে ঘটনা । সমষ্টিটোত ব্যাপক প্ৰচাৰ অব্যাহত থকাৰ মাজতে যোৱানিশা বিধায়ক জিতু গোস্বামী, বিজেপি নেতা সুৰেশ বৰা গৈ থকা বাহনলৈ লক্ষ্য কৰি গুলীচলানাৰ ঘটনা সংঘটিত হয় । এগৰাকী কংগ্ৰেছ নেতাৰ ঘৰৰ পৰা গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হয় যদিও গুলীচালনাৰ ঘটনাত কংগ্ৰেছ নেতাগৰাকীৰে পুত্ৰ আহত হোৱাৰ তথ্য পোহৰলৈ আহিছে ।
কংগ্ৰেছ নেতা ইছমাইল হুছেইনৰ বিৰুদ্ধে গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে যদিও গুলীচালনাৰ ঘটনাত ইছমাইল হুছেইনৰ পুত্ৰ ইমাম উদ্দিনৰ ভৰিত গুলী লাগে । আঘাতপ্ৰাপ্ত ইছমাইল হুছেইনৰ পুত্ৰক লগে লগে চিকিৎসাৰ ব্যৱস্থা কৰা হয় । চামগুৰিৰ মৰিপুঠিখাইটিত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।