ETV Bharat / state

ছবি আঁকি প্ৰতিবাদ কৰি ৰোষত পৰিল চিত্ৰশিল্পী - PAINTING AGAINST FELLING OF TREES

ভৰলুত গছ কটাৰ বিৰুদ্ধে চিত্ৰ অংকন কৰি আটক হ'ল চিত্ৰশিল্পীসহ তিনি যুৱক । ভৰলুমুখ আৰক্ষী থানাত বন্ধ কৰা হ’ল সাধাৰণ লোকৰ প্ৰৱেশ ।

Guwahati Youth including artiste arrested for painting on Dighalipukhuri tree felling
ছবি আঁকি প্ৰতিবাদ কৰি ৰোষত পৰিল চিত্ৰশিল্পী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 10, 2024, 1:47 PM IST

গুৱাহাটী : ভৰলুত গছ কটাৰ বিৰুদ্ধে চিত্ৰ অংকন কৰি আটক হ'ল চিত্ৰশিল্পী মাৰ্চেল বৰুৱা, অংকুমান বৰদলৈ আৰু কমল কুমাৰক । পুৱতি নিশা ভৰলুমুখ আৰক্ষীয়ে আটক কৰে তিনিওকে । ভৰলুমুখত শনিবাৰে নিশা ভৰলুমুখৰ গছ কটাৰ বিৰুদ্ধে অংকন কৰা পোষ্টাৰত ‘Kick Himanta, Save nature' লিখাৰ বাবে আটক কৰে তিনিওকে ।

ইপিনে আটকাধীন তিনি যুৱকক ভৰলুমুখ আৰক্ষী থানাত ৰখাৰ পিচতেই ভৰলুমুখ থানাত বন্ধ কৰা হ’ল সাধাৰণ লোকৰ প্ৰৱেশ । ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ অনুমতি নোহোৱাকৈ থানাত প্ৰৱেশ কৰিব নোৱাৰে সাধাৰণ নাগৰিকে ।

Guwahati Youth including artiste arrested for painting on Dighalipukhuri tree felling
ছবি আঁকি প্ৰতিবাদ কৰি ৰোষত পৰিল চিত্ৰশিল্পী (ETV Bharat Assam)

আটকাধীন প্ৰতিবাদকাৰীৰ খবৰ ল’বলৈ অহা ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনকো প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল থানাত । তিনিওকে আটক কৰাক লৈ সৰ্বত্ৰতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । প্ৰকৃতি ৰক্ষাৰ স্বাৰ্থত প্ৰতিবাদ সাব্যস্ত কৰাৰ ৰোষত জাতীয় যুৱ বাহিনীৰ তথ্য আৰু প্ৰচাৰ সম্পাদক তথা মুখপাত্ৰ অংকুমান বৰদলৈক আৰক্ষীয়ে পুৱতি নিশা ৫:৩০ বজাত শোৱাপাটীৰ পৰা আটক কৰে ।

Three youths, including painter, arrested for painting against felling of trees in Bharlu

অসম আৰক্ষীৰ এই কাৰ্যক সংগঠনটোৱে কঠোৰ ভাষাৰে গৰিহণা দি অংকুমান বৰদলৈক অনতিপলমে মুক্তি দিবলৈ দাবী জনাই জাতীয় যুৱ বাহিনীয়ে । উল্লেখ্য যে দীঘলী পুখুৰীৰ পিছত ভৰলুমুখত উৰণ সেতু নিৰ্মাণৰ নামত প্ৰায় ৭০ জোপা পুৰণি গছ কটাৰ বাবে বিভাগীয় কৰ্তৃপক্ষই দাগ দিছিলে । ইয়াৰ পিছতে গছ কটাৰ বিৰুদ্ধে সচেতন নাগৰিকক সকলে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে ।

প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে দীঘলীপুখুৰীৰ পাৰৰ গছ নাকাটে বুলি প্ৰতিশ্ৰুতি দিছিল । কিন্তু ইয়াৰ পিচতে ভৰলুৰ গছ কটাৰ হ'ব বুলি উল্লেখ কৰিছিল । ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ৰঙাঘৰৰ আলহী হ'ল তিনি চিত্ৰশিল্পী ।

লগতে পঢ়ক: গছ কটাৰ বিৰুদ্ধে আন্দোলন অব্যাহত: ভৰলুমুখত ব্যাপক প্ৰতিবাদ

ভৰলুমুখত ৭৪ জোপা গছ কটাৰ বিৰুদ্ধে সৰৱ ৰাইজ, গছ নকটাকৈ উৰণ সেতু নিৰ্মাণৰ প্ৰস্তাৱ বিশেষজ্ঞৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.