Moran rape case:বিদ্যালয়ৰ চকীদাৰৰ কামনাৰ বলি হ'ল এগৰাকী দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী - বলাৎকাৰ
🎬 Watch Now: Feature Video
ডিব্ৰুগড়, 10 জুন : অন্ত পৰিবনে বলাৎকাৰৰ দৰে ঘটনাৰ ! ৰাজ্যত পুনৰ সংঘটিত হ’ল সমাজক লজ্জানত কৰিব পৰা আন এক বলৎকাৰৰ ঘটনা ৷ এইবাৰ শিক্ষানুষ্ঠানৰ দৰে পৱিত্ৰ স্থানতে সংঘটিত হ’ল এই ঘটনা ৷ বিদ্যালয়ৰ চকীদাৰৰ কামনাৰ বলি হ’ল এগৰাকী দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী (Class 2 student was raped by school guard) ৷
মৰাণত সংঘটিত হৈছে এক জঘন্য ঘটনা । ডিব্ৰুগড় জিলাৰ মৰাণৰ চেপনৰ এখন চাহ বাগিছাৰ প্ৰাথমিক বিদ্যালয়ত এটা লম্পট চকীদাৰৰ কামনাৰ বলি হ'ল এগৰাকী দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী । প্ৰাপ্ত তথ্য মতে, সুভাষ সিং চৌহান নামৰ ৫৩ বছৰীয়া চকীদাৰটোৱে কালি পুৱা প্ৰায় 6.30/7 বজাত অকলশৰে বিদ্যালয়লৈ অহা ছাত্ৰী গৰাকীক কোনো নথকাৰ সুযোগ লৈ নিজৰ অসৎ চৰিতাৰ্থ পূৰণ কৰে (Moran rape case) ।
চেপনৰ ২ নং চকলিয়াৰ এই লম্পটটোৰ কথা দুপৰীয়া স্কুলৰ পৰা ঘৰলৈ আহি পৰিয়ালৰ আগত ছাত্ৰী গৰাকীয়ে কোৱাৰ পিচতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে । ইয়াৰ পিচতে সন্ধিয়াৰ ভাগত ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । আৰক্ষীয়ে কেচ নং 54/23 আৰু 376/3 IPC 6 of Pocso act. ৰ অধীনত এক গোচৰ ৰুজু কৰি লম্পট সুভাষ সিং চৌহানক গ্ৰেপ্তাৰ কৰিছে ।
লগতে পঢ়ক : Priya Kumari death update : এ কে কনষ্ট্ৰাকশ্যনৰ ছুপাৰভাইজাৰ পাৰিজাত শইকীয়াক গ্ৰেপ্তাৰ