Moran Bihu at Tinsukia: আজিৰে পৰা আৰম্ভ মৰাণ জনগোষ্ঠীৰ বিহু - গৰু বিহু পালন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 19, 2023, 11:02 AM IST

তিনিচুকীয়া, 19 এপ্ৰিল: আজি ব’হাগ মাহৰ প্ৰথমটো বুধবাৰ ৷ ব’হাগ মাহৰ প্ৰথমটো বুধবাৰে পৰম্পৰাগতভাৱে অসমৰ অন্যতম আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে পালন কৰি আহিছে ব’হাগ বিহু (Moran Bihu Celebration at Tinsukia Thana Chariali) ৷

সেই অনুসৰি অসমীয়া নৱবৰ্ষৰ ব’হাগ মাহৰ প্ৰথমটো মংগলবাৰে উৰুকা, বুধবাৰে গৰু বিহু আৰু বৃহস্পতিবাৰে মানুহ বিহু হিচাবে পালন কৰি আহিছে মৰাণ জনগোষ্ঠীৰ লোকসকলে (Moran Bihu at Tinsukia) ৷ সেয়ে আজি পুৱাই বিভিন্ন গাঁৱৰ পৰা আহি নিজৰ কৰ্মসূত্ৰে তিনিচুকীয়া চহৰত বসবাস কৰা মৰাণ জনগোষ্ঠীৰ লোকসকলে চহৰখনৰ কেন্দ্ৰবিন্দু থানা চাৰিআলিত গৰু বিহু পালন কৰে ৷ পৰম্পৰাগতভাৱে গৰুক মাহ-হালধিৰে গা ধুৱাই, আমৰলি পৰা, কণী যুঁজ, মৰাণ বিহু প্ৰদৰ্শনেৰে পালন কৰা হয় মৰাণ জনগোষ্ঠীৰ গৰুবিহু (Moran Bihu Celebration at Tinsukia)  ৷

লগতে পঢ়ক: Storm in Nalbari: নলবাৰীত প্ৰিয়ংকা ভৰালী, কৃষ্ণমণি চুতীয়াৰ সংগীতানুষ্ঠানত অথন্তৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.