তিনিচুকীয়া আইন মহাবিদ্যালয়ত আৰক্ষীৰ উদ্যোগত ন্যায় প্ৰক্ৰিয়াৰ মক ট্ৰায়েল কাৰ্যসূচী - জিলা সত্ৰ ন্যায়ালয়

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 6:48 PM IST

তিনিচুকীয়া, 9 ডিচেম্বৰ : তিনিচুকীয়া আইন মহাবিদ্যালয়ত তিনিচুকীয়া আৰক্ষীৰ উদ্যোগত ন্যায় প্ৰক্ৰিয়াৰ মক ট্ৰায়েল কাৰ্যসূচী (Moot Court) ৷ শনিবাৰে অনুষ্ঠিত হয় ৷

তিনিচুকীয়া জিলা সত্ৰ ন্যায়ালয়ৰ কেইবাগৰাকীও জ্যেষ্ঠ অধিবক্তা, তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপৰ লগতে জিলাখনৰ কেইবাগৰাকীও জ্যেষ্ঠ আৰক্ষী বিষয়াৰ উপস্থিতিত সম্পন্ন হয় এই মুট কৰ্ট ট্ৰায়েলৰ কাৰ্যসূচী ৷ তিনিচুকীয়া আইন মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ- ছাত্ৰীসকলে যাতে আইনী প্ৰক্ৰিয়াসমূহ ভৱিষ্যতে সফলভাৱে সম্পন্ন কৰিবলৈ কিছু অভিজ্ঞতা লাভ কৰে আৰু আৰক্ষীত নতুনকৈ যোগদান কৰা বিষয়াসকলে যাতে ন্যায়ালয়ত বিষয় সমূহ সঠিকভাৱে উপস্থাপন কৰিব পাৰে তাৰ উদ্দেশ্যেৰেই এই মুট কৰ্ট ট্ৰায়েল কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷ 

লগতে পঢ়ক : টিংখাঙত বিকশিত ভাৰত,সংকল্প যাত্ৰা; ভিভিঅ' কনফাৰেন্স যোগে প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.