Missing news of Assam: হিমাচলত ফুৰিবলৈ গৈ সন্ধানহীন সোণাৰিৰ দম্পতি - হিমাচলত ফুৰিবলৈ গৈ সন্ধানহীন চৰাইদেউৰ দম্পতি
🎬 Watch Now: Feature Video
মৰাণ, ১১ জুলাই : হিমাচলত ভয়াৱহ বানৰ তাণ্ডৱ । ধাৰাষাৰ বৰষুণৰ পাচতেই হিমাচলত ভয়ংকৰ বান পৰিস্থিতি। হঠাৎ অহা বানে তচনচ কৰি গ'ল হিমাচলক। বানৰ বাবে আবদ্ধ হৈ আছে কেইবাশতাধিক লোক । আবদ্ধ হৈ আছে বহু পৰ্যটকো । এই ভয়ংকৰ পৰিস্থিতিত হিমাচলত ফুৰিবলৈ গৈ সন্ধানহীন অসমৰ দম্পতি । বিগত ৭৩ ঘণ্টা ধৰি সন্ধানহীন হৈ আছে সোণাৰিৰ পাৰ্বতীপুৰৰ দেৱাশীষ ৰাজখোৱা আৰু শিখা ফুকন ।
আৰক্ষী শীৰ্ষ বিষয়া পৃথিৰাজ ৰাজখোৱাৰ ভাতৃ আৰু বোৱাৰী দেৱাশীষ আৰু শিখা ৷ হিমাচলৰ দুৰ্যোগৰ পাচৰ পৰাই সন্ধানহীন হৈ আছে দুয়ো । ইয়াৰ পাচতে পৰিয়ালৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে । দেৱাশীষ ৰাজখোৱাৰ পিতৃয়ে উল্লেখ কৰা মতে, যোৱা ৬ জুলাইত দুয়োগৰাকীয়ে ৰাওনা হৈছিল হিমাচললৈ । বান পৰিস্থিতিৰ পাচৰে পৰাই পৰিয়ালৰ সৈতে কোনো যোগাযোগ হোৱা নাই দেৱাশীষ আৰু শিখাৰ । মাণ্ডি জিলাৰ উদ নামৰ ঠাইখিনিত থকা বুলি অনুমান কৰিছে পৰিয়ালৰ লোকে । দুয়োজনকে উদ্ধাৰৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে পৰিয়ালৰ লোকে ।
লগতে পঢ়ক:Manipur News: 14 জুলাইত মণিপুৰ ভ্ৰমণ কৰিব তৃণমূল কংগ্ৰেছৰ পাঁচজনীয়া প্ৰতিনিধিৰ দলে